অসম

assam

ETV Bharat / state

মঙলদৈত বিজেপি প্ৰাৰ্থী গুৰুজ্যোতি দাসৰ পদযাত্ৰা - বিগত নিৰ্বাচন

মঙলদৈ বিধানসভা সমষ্টিৰ বান্দিয়া ওন্দোলাঝাৰপথত প্ৰায় ১৩ কিলোমিটাৰ পথ হাজাৰ হাজাৰ সংখ্যালঘু বিজেপি কৰ্মী আৰু সমৰ্থকক লগত লৈ বুধবাৰে আবেলি পদযাত্ৰাৰে নিৰ্বাচনী ৰণশিঙা বজালে গুৰুজ্যোতি দাসে ৷

মঙলদৈত বিজেপি পাৰ্থী গুৰুজ্যোতি দাসৰ পদযাত্ৰা
মঙলদৈত বিজেপি পাৰ্থী গুৰুজ্যোতি দাসৰ পদযাত্ৰা

By

Published : Mar 17, 2021, 11:07 PM IST

মঙলদৈ,17 মাৰ্চঃমঙলদৈ বিধানসভা সমষ্টিৰ কংগ্ৰেছৰ দূৰ্গ হিচাপে পৰিচিত পূৱ মঙলদৈৰ বান্দিয়া ওন্দোলাঝাৰ পথত প্ৰায় ১৩ কিলোমিটাৰ পথ হাজাৰ হাজাৰ সংখ্যালঘু বিজেপি কৰ্মী আৰু সমৰ্থকক লগত লৈ বুধবাৰে আবেলি পদযাত্ৰাৰে নিৰ্বাচনী ৰণশিঙা বজালে গুৰুজ্যোতি দাসে । পূৱ মঙলদৈ মহাবিদ্যালয়ৰ পৰা আৰম্ভ কৰা এই পদ যাত্ৰা বান্দিয়া, ওন্দোলাঝাৰ, খাটনীয়াপাৰা হৈ চৰকাৰৰ চকৰ পৰা হিৰাপাৰা হৈ ধুলাত শেষ কৰে ।

মঙলদৈত বিজেপি পাৰ্থী গুৰুজ্যোতি দাসৰ পদযাত্ৰা

বিগত নিৰ্বাচনত উক্ত অঞ্চলসমূহৰ পৰা সামান্য সংখ্যক ভোট লাভ কৰিবলৈ সক্ষম হৈছিল বিজেপিয়ে । কিন্তু এইবেলি সংখ্যালঘু লোকৰ বিজেপিৰ প্ৰতি যি সমৰ্থন সেয়া ভোট গ্ৰহণৰ পিছতহে গম পোৱা যাব। আনফালে ৰাতিপুৱাৰ ভাগত বিজেপি মিত্ৰদলৰ প্ৰাৰ্থী গুৰজ্যোতি দাস জিলা এজিপিৰ কাৰ্যালয়ত উপস্থিত হৈ জিলা এজেপিৰ কাৰ্যকৰ্তাৰ লগত এক আলোচনাত মিলিত হয় । উল্লেখযোগ্য যে, কিছুদিন পূৰ্বে এজিপিৰ কিছু সংখ্যক দলীয় কৰ্মীয়ে গুৰূজ্যোতি দাসৰ ওপৰত ক্ষোভ প্ৰকাশ কৰিছিল ৷ কিন্তু বুধবাৰে গুৰূজ্যোতি দাস কাৰ্যালয়ত উপস্থিত হৈ সকলো দলীয় কাৰ্য্যকৰ্তাৰ লগত আলোচনাত মিলিত হয় আৰু মিত্ৰতা কোনোদিনে ভংগ হোৱা নাই আৰু নহয় বুলি মন্তব্য কৰে ৷
লগতে পঢ়কঃপশ্চিম গুৱাহাটী বিধানসভা সমষ্টিৰ জনতাৰ কণ্ঠ

ABOUT THE AUTHOR

...view details