অসম

assam

ETV Bharat / state

মঙলদৈত চৰকাৰী ভূমিত অবৈধ ব্যৱসায় - মঙলদৈ পৌৰসভাৰ পৌৰপতিৰ বিৰুদ্ধে অভিযোগ

মঙলদৈত চৰকাৰী ভূমিত অবৈধ ব্য়ৱসায় চলাইছে মঙলদৈ পৌৰসভাৰ পৌৰপতিয়ে ৷ বিভিন্ন লোকক মাটি আৱন্টন দিয়াৰ নামত লাখ লাখ টকা গ্ৰহণ কৰাৰ অভিযোগ উত্থাপন হৈছে ৷

মঙলদৈত চৰকাৰী ভূমিত অবৈধ ব্যৱসায়
মঙলদৈ পৌৰসভা

By

Published : Feb 8, 2020, 7:14 PM IST

দৰং, 8 ফেব্ৰুৱাৰী : মঙলদৈত চৰকাৰী ভূমিৰ অবৈধ ব্যৱসায়ৰ সৈতে জড়িত হৈ পৰিছে মঙলদৈ পৌৰসভাৰ পৌৰপতিকে ধৰি একাংশ ৱাৰ্ড সদস্য ৷ বৰ্তমানৰ পৌৰসভাৰ সময়সীমা শেষ হ'বলৈ মাজত কেইটামান দিন বাকী থকা অৱস্থাতে য'তে ততে মাটি আবন্টন দিয়াৰ নামত লাখ লাখ টকা লোৱাৰ অভিযোগ উত্থাপন হৈছে পৌৰপতি জীৱন শিলৰ বিৰুদ্ধে ৷

মঙলদৈ টাউন ক্লাৱৰ সমীপৰ পৰা প্ৰণামী ভৱন, নতুন বজাৰ আদি অঞ্চলসমূহকে ধৰি চহৰখনৰ বিভিন্ন স্থানত অবৈধভাৱে মাটি আবন্টন দিয়া হৈছে ৷ একাংশ ধনী ব্যৱসায়ী তথা পৌৰপতিগৰাকীৰ আত্মীয়ক এই মাটিসমূহ প্ৰদান কৰা হৈছে বুলি বহু লোকে অভিযোগ তুলিছে ৷

মঙলদৈত চৰকাৰী ভূমিত অবৈধ ব্যৱসায়

ইয়াৰোপৰি, পৌৰপতি জীৱন শিলে নিজৰ নামটো মাটি লোৱাৰ অভিযোগ তুলিছে একাংশই ৷ পৌৰপতিগৰাকীৰ এনে কাণ্ডৰ ফলত নিবনুৱাসকল বঞ্চিত হোৱাৰ লগতে বহু স্থানত একেখিনি ভূমিকে দুজনকো বিক্ৰী কৰা হৈছে বুলিও অভিযোগ উত্থাপন হৈছে ৷

আৰু পঢ়ক : নগা শান্তি চুক্তি : ৰাজ্য চৰকাৰক স্থিতি স্পষ্ট কৰাৰ দাবী বিৰোধী দলৰ

ABOUT THE AUTHOR

...view details