অসম

assam

ETV Bharat / state

শিক্ষা বিভাগৰ সিদ্ধান্তই বিপাঙত পোলাইছে শিক্ষাৰ্থীক! - দৰং জিলাৰ ২৫ খন চৰকাৰী বিদ্যালয়

শিশু শিক্ষা অধিকাৰ আইন ২০০৯ক অৱমাননা কৰি শিক্ষা বিভাগে বন্ধ কৰিবলৈ ওলাইছে 25 খনকৈ বিদ্যালয় ৷  শিক্ষা বিভাগৰ এই সিদ্ধান্তৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে অভিভাৱক তথা জাতীয় সংগঠন সমুহ ৷

কিয় শিক্ষা বিভাগে গ্ৰহণ কৰিছে এই সিদ্ধান্ত

By

Published : Nov 1, 2019, 7:52 AM IST

ছিপাঝাৰ, 31 অক্টোবৰঃ ধোৱাচাঙত পৰিণত হৈছে শিশু শিক্ষা অধিকাৰ 2009 ৷ চৰকাৰ তথা শিক্ষা বিভাগৰ হঠকাৰী সিদ্ধান্তই বিপাঙত পেলাইছে বহু শিক্ষাৰ্থীৰ লগতে অভিভাৱকক ৷ বহু শিক্ষাৰ্থীৰ জীৱনলৈ নামি আহিছে অমানিশা ৷

কিয় শিক্ষা বিভাগে গ্ৰহণ কৰিছে এই সিদ্ধান্ত

উল্লেখ্য যে,চৰকাৰে সিদ্ধান্ত লৈছে দৰং জিলাৰ ২৫ খন চৰকাৰী বিদ্যালয় বন্ধ কৰাৰ ৷ মধ্য ইংৰাজী বিদ্যালয় আৰু প্ৰাথমিক বিদ্যালয় বন্ধৰ সিদ্ধান্ত লৈছে শিক্ষা বিভাগে ৷ জিলাখনৰ ছিপাঝাৰ শিক্ষাখণ্ডত থকা১৮ খন আৰু কলাইগাঁও শিক্ষা খণ্ডৰ৭ খন বিদ্যালয় বন্ধ হোৱাৰ ঘোষণা ৷ ইতিমধ্যে এই বিদ্যালয় সমূহৰ পৰা স্থানান্তৰ কৰা হৈছে শিক্ষকসকলক ৷ চৰকাৰে বন্ধ কৰি দিয়া বিদ্যালয় সমূহৰ তালিকাত আছে ২০১৭ চনত গুণোৎসৱত ৯৯.৪০ % নম্বৰ লাভ কৰা তথা অসমৰ ভিতৰত সৰ্বোচ্চ তালিকাত থকা দগীয়াপাৰা বান্দৰীঝাৰ প্ৰাথমিক বিদ্যালয়খনো ৷

সম্পূৰ্ণ আন্ত:গাঠনি থকাৰ পিছতো শিক্ষা বিভাগে লৈছে এই সিদ্ধান্ত ৷ যাৰ বাবে এতিয়া জাঙুৰ খাই উঠিছে শিক্ষাৰ্থীসকলৰ অভিভাৱকৰ লগতে বহু দল-সংগঠন ৷ একাংশৰ মন্তব্য যদি এই বিদ্যালয়সমূহত উন্নত শিক্ষাৰ ব্যৱস্থা নাই তেন্তে বিদ্যলয়সমূহত উন্নত শিক্ষাৰ ব্যৱস্থা কৰক ৷ কিন্তু বিদ্যালয়সমূহ বন্ধ কৰাৰ কোনো প্ৰয়োজন নাই ৷ কিন্তু শিক্ষা বিভাগ নিজৰ সিদ্ধান্তত অটল ৷ বিদ্যালয়সমূহত নাই কোনো শিক্ষক ৷ বৰ্তমান বিদ্যালয়সমূহ পৰিণত হৈছে ভূত বাংলাত ৷ ইফালে,বহু শিক্ষাৰ্থী বেচৰকাৰী বিদ্যালয়লৈ গতি কৰিছে যদিও আন বহু শিক্ষাৰ্থী বিদ্যালয়লৈ যাব পৰা নাই ৷ যাৰ ফলত শিক্ষাৰ্থীসকলৰ ভৱিষ্যতক লৈ চিন্তিত হৈ পৰিছে অভিভাৱকসকল ৷

লগতে পঢ়কঃ নিজৰ জন্মদিনত ETV Bharatৰ শলাগ ললে যাদৱ পায়েঙে

ABOUT THE AUTHOR

...view details