অসম

assam

By

Published : Aug 10, 2020, 4:30 PM IST

ETV Bharat / state

লক্ ডাউনতে বিভিন্ন লোকবাদ্য নিৰ্মাণ কৰিলে এগৰাকী চৰকাৰী চাকৰিয়ালে

লক্ ডাউনৰ সময়খিনিৰ সদব্যৱহাৰ কৰি টংলাৰ এগৰাকী ব্যক্তিয়ে সাজি উলিয়াইছে অসমীয়া গীতত ব্যৱহৃত বিভিন্ন লোক বাদ্য ৷

Government employee crafts folk musical instruments during lockdown in Tangla
লোক বাদ্য নিৰ্মাণত ব্যস্ত টংলাৰ এগৰাকী ব্যক্তি

দৰং,10 আগষ্টঃলক্ ডাউনৰ সময়তে টংলাৰ এগৰাকী ব্যক্তিয়ে সাজি উলিয়ালে অসমীয়া গীতত ব্যৱহৃত বিভিন্ন লোক বাদ্য ৷ কৰ'ণাৰ বাবে দেশত চলা লক্ ডাউনে একাংশ লোকক তেওঁলোকৰ সৃষ্টিকৰ্মক প্ৰকাশ কৰাৰ সুবিধা প্ৰদান কৰিলে ৷ তেনে এগৰাকী ব্যক্তি হৈছে টংলা চহৰৰ নৰেন ডেকা ৷ টংলা বালিকা বিদ্যালয়ৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী নৰেন ডেকাই লক্ ডাউনৰ সময়চোৱাত নিজৰ সৃষ্টিশীল মনেৰে সাজি উলিয়ালে অসমীয়া লোক সংস্কৃতিত প্ৰচলিত বিভিন্ন থলুৱা বাদ্য যন্ত্ৰ । অসমীয়া লোকগীত, জিকিৰ আদিত বিশেষ ভাৱে ব্যৱহৃত হোৱা "ডোটোৰা","ডগৰ","একপেৰা"নামৰ বিভিন্ন লোক বাদ্য নিৰ্মাণ কৰিছে নৰেন ডেকা নামৰ ব্যক্তিগৰাকীয়ে ৷

লক্ ডাউনত বিভিন্ন লোক বাদ্য নিৰ্মাণ কৰে টংলাৰ এগৰাকী চৰকাৰী চাকৰিয়ালে

বৰ্তমান তেওঁৰ পৰা বহুজনে এই বাদ্য যন্ত্ৰ ক্ৰয় কৰি নিছে ৷ লগতে তেওঁ জনাইছে যে, কোনোবা ব্যক্তিয়ে যদি এই বাদ্য যন্ত্ৰ বজাব জানে কিন্তু ক্ৰয় কৰিব পৰাকৈ সমৰ্থ নহয় তেনে ব্যক্তিক নৰেন ডেকাই বাদ্য যন্ত্ৰ উপহাৰ হিচাপে আগবঢ়াব ৷

লগতে পঢ়কঃপাহাৰৰ শিখৰ বগাই বিশ্বৰেকৰ্ড গঢ়াৰ সপোন চেৰুকুন্নিল মনেশৰ

ABOUT THE AUTHOR

...view details