অসম

assam

ETV Bharat / state

Battle of Patharughat: পথৰুঘাটৰ শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন ইষ্টাৰ্ণ কামাণ্ডৰ জিঅ’চি ৰাণা প্ৰতাপ কলিতাৰ - ডিঅ’চি ৰাণা প্ৰতাপ কলিতা

পথৰুঘাট বিদ্ৰোহৰ কৃষক শ্বহীদক শ্ৰদ্ধাঞ্জলি জ্ঞাপন ইষ্টাৰ্ণ কামাণ্ডৰ জিঅ’চি ৰাণা প্ৰতাপ কলিতাৰ ৷ ৰেড হৰ্ণ ডিভিজনে প্ৰতিবছৰৰ দৰে এইবাৰো বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰে শ্বহীদ দিৱস (Battle of Patharughat) ৷

Battle of Patharughat
পথৰুঘাটৰ শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন ইষ্টাৰ্ণ কামাণ্ডৰ জিঅ’চি ৰাণা প্ৰতাপ কলিতাৰ

By

Published : Jan 30, 2023, 9:49 PM IST

পথৰুঘাটৰ শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন ইষ্টাৰ্ণ কামাণ্ডৰ জিঅ’চি ৰাণা প্ৰতাপ কলিতাৰ

মঙলদৈ, 30 জানুৱাৰী: ঐতিহাসিক পথৰুঘাট ৰণৰ কৃষক শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন ইষ্টাৰ্ণ কামাণ্ডৰ জিঅ’চি ৰাণা প্ৰতাপ কলিতাৰ (GOC eats command Rana Pratap Kalita) ৷ সোমবাৰে পথৰুঘাটৰ সাতকুৰি শ্বহীদক সোঁৱৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে ইষ্টাৰ্ণ কামাণ্ডৰ জিঅ’চিগৰাকীয়ে ৷ উল্লেখ্য যে, ৰাণা প্ৰতাপ কলিতা হৈছে পথৰুঘাটৰ এই গৌৰৱোজ্বল দিৱসত অংশগ্ৰহণ কৰা প্ৰথমগৰাকী আৰ্মি কামাণ্ডাৰ ৷

প্ৰতিবছৰৰ দৰে এইবাৰো বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰেড হৰ্ণ ডিভিজনৰ উদ্যোগত আয়োজন কৰা হৈছে শ্বহীদ দিৱস (Battle of Patharughat) ৷ এই শ্বহীদ দিৱসত বিশেষভাৱে অংশগ্ৰহণ কৰে জিঅ’চি ৰাণা প্ৰতাপ কলিতাই ৷ শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি পথৰুঘাটৰ কৃষক বিদ্ৰোহৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ গুৰুত্বপ কথা উল্লেখ কৰে ৰাণা প্ৰতাপ কলিতাই ৷

উল্লেখ্য যে, 2000 চনত তদানীন্তন অসমৰ ৰাজ্যপাল অৱসৰ প্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল এছ কে সিনহাৰ বিশেষ উদ্যোগত 1894 ৰ 28 জানুৱাৰীত প্ৰাণ আহুতি দিয়া সাতকুৰি কৃষক শ্বহীদৰ পৱিত্ৰ স্মৃতিত শ্বহীদ স্তম্ভ নিৰ্মাণ কৰা হৈছিল ৷ তেতিয়াৰ পৰা সেনাবাহিনীয়ে প্ৰতিবছৰে সামৰিক মৰ্যাদাৰে শ্বহীদ দিৱস উদযাপন কৰি আহিছে ৷

সোমবাৰৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন অনুষ্ঠানত ইষ্টাৰ্ণ কামাণ্ডৰ জিঅ’চি ৰাণা প্ৰতাপ কলিতাৰ লগতে উপস্থিত থাকে গজৰাজ ক’ৰৰ জিঅ’চি আৰু ৰেড হৰ্ণ ডিভিজনৰ জিঅ’চি ৷ লগতে উপস্থিত থাকে মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়া, জিলা উপায়ুক্ত প্ৰণৱ কুমাৰ শৰ্মা, আৰক্ষী অধীক্ষক প্ৰশান্ত শইকীয়াৰ লগতে তেজপুৰ আৰু ৰঙিয়াৰ বহু কেইগৰাকী সেনাৰ জ্যেষ্ঠ বিষয়া ৷

পথৰুঘাটৰ ৰণৰ কৃষক শ্বহীদক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা উপৰিও জিঅ’চি কলিতাই শ্বহীদৰ পৰিয়াল আৰু প্ৰাক্তন সৈনিকৰ পৰিয়ালৰ সৈতেও মত বিনিময় কৰে ৷ এই অনুষ্ঠানত উপস্থিত থাকে সহস্ৰাধিক লোক ৷

সংবাদমাধ্যৰ আগত ৰাণা প্ৰতাপ কলিতাই কয় যে, নৱ প্ৰজন্মক পথৰুঘাটৰ কৃষক বিদ্ৰোহৰ বিষয়ে অৱগত কৰাতো অতি প্ৰয়োজন ৷ ইষ্টাৰ্ণ কামাণ্ডৰ জিঅ’চি দ্বায়িত্ব গ্ৰহণ কৰাৰ পাচৰে পৰা অসমৰ উত্তৰ-পূবৰ যুৱক-যুৱতীক সেনা-বাহিনীত যোগদানৰ বাবে প্ৰচেষ্টা চলাই থকা বুলিও সদৰী কৰে ৰাণা প্ৰতাপ কলিতাই ৷ লগতে তেওঁ, ইয়াৰ বাবে সেনা চাউনি সমূহত সময়ে সময়ে প্ৰশিক্ষণ প্ৰশিক্ষণ প্ৰদান কৰি থকা হৈছে বুলিও উল্লেখ কৰে ৷

ইংৰাজৰ শাসন কালত পৰাধীনতাৰ বিৰুদ্ধে যুঁজ দি পথৰুঘাটত নিহত হৈছিল সাতকুৰি শ্বহীদ ৷ দৰঙৰ পথৰুঘাটত ৰাইজমেলত আক্ৰমণ কৰি হত্যা কৰা হৈছিল কৃষকসকলক ৷ সেই স্থানত কৃষি বিজ্ঞান কেন্দ্ৰ স্থাপনৰো ঘোষণা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

লগতে পঢ়ক:IPS GP Singh : ৰাজ্যত এনকাউণ্টাৰ অব্যাহত থকাৰ ইংগিত জি পি সিঙৰ

ABOUT THE AUTHOR

...view details