বিশিষ্ট সাহিত্যিক,গীতিকাৰ ইদ্ৰিছ আলীলৈ "গীতিকবি পাৰ্বতি প্ৰসাদ বৰুৱা বঁটা-২০১৮" - গীতিকবি পাৰ্বতি প্ৰসাদ বৰুৱা বঁটা-২০১৮
সাহিত্য জগতলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে ইদ্ৰিছ আলীলৈ এই বঁটা

দৰং, ৫ জানুৱাৰী : বিশিষ্ট সাহিত্যিক তথা গীতিকাৰ ইদ্ৰিছ আলীলৈ অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ "গীতিকবি পাৰ্বতি প্ৰসাদ বৰুৱা বঁটা ২০১৮ " । মঙলবাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বিশিষ্ট সাহিত্যিক তথা গীতিকাৰজনলৈ প্ৰদান কৰা হয় এই বঁটা । অসমীয়া কাব্য-সাহিত্য তথা গীতি-সাহিত্যলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে বিশিষ্ট সাহিত্যিক তথা গীতিকাৰ গৰাকীলৈ প্ৰদান কৰা হৈছে এই বঁটা । গীতৰ সংকলন নিৰিবিলি, সুৰমিতা; কবিতাপুথি ‘সুখৰ, দুখৰ আৰু প্ৰেমৰ’ উপৰিও ‘আগচোতালৰ মেল’ নামৰ এখন উপন্যাসো ৰচনা কৰিছিল বিশিষ্ট সাহিত্যিকগৰাকীয়ে ।