দৰং, 19 অক্টোবৰ: সাংসদ অজিত কুমাৰ ভূঞাই শিৱসাগৰত কৰা এক মন্তব্যক লৈ তীব্ৰ সমালোচনা ব্যক্ত কৰে অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদে ৷ বদৰুদ্দিন আজমলক বিতৰ্কিত আৰু সাম্প্ৰদায়িক আখ্যা প্ৰদান কৰি সংগঠনটোৰ উপদেষ্টা চহীৰ ভূঞাই কয়, বদৰুদ্দিন আজমলৰ সৈতে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ছৈয়দ আব্দুল মালিক আৰু বিশিষ্ট সাহিত্যিক ইমৰান শ্বাহক তুলনা কৰটো অক্ষমনীয় অপৰাধ ৷
সাংসদ অজিত কুমাৰ ভূঞাৰ বিৰুদ্ধে সৰৱ গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদ - mp ajit kumar bhuyan
বদৰুদ্দিন আজমলৰ সৈতে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ছৈয়দ আব্দুল মালিক আৰু বিশিষ্ট সাহিত্যিক ইমৰান শ্বাহক তুলনা কৰটো অক্ষমনীয় অপৰাধ ৷ সাংসদ অজিত কুমাৰ ভুঞাই শিৱসাগৰত কৰা এক মন্তব্যক লৈ তীব্ৰ সমালোচনা ব্যক্ত কৰে গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ উপদেষ্টা চহীৰ ভূঞাই ৷
![সাংসদ অজিত কুমাৰ ভূঞাৰ বিৰুদ্ধে সৰৱ গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদ সাংসদ অজিত কুমাৰ ভূঞাৰ বিৰুদ্ধে সৰৱ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9232203-thumbnail-3x2-kk.jpg)
সাংসদ অজিত কুমাৰ ভূঞাৰ বিৰুদ্ধে সৰৱ
সাংসদ অজিত কুমাৰ ভূঞাৰ বিৰুদ্ধে সৰৱ গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদ
অজিত ভুঞাই সাংসদ হোৱাৰ প্ৰতিদান তথা গুৰু দক্ষিণা দিবলৈ গৈ এটা জাতিক অপমান কৰিছে ৷ অসমীয়া জাতিৰ ই ঘোৰ অপমান বুলি মন্তব্য কৰি সাংসদ গৰাকীৰ বিৰুদ্ধে তীব্ৰ মন্তব্য কৰি তেওঁক তেওঁৰ কথা অতি শীঘ্ৰেই উঠাই লৈ অসমবাসীৰ ওচৰত ক্ষমা খুজিবলৈ দাবী জনায় ৷ লগতে তেওঁ অসমবাসীৰ ওচৰত ক্ষমা নিবিচাৰলৈ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদে সাংসদ গৰাকীৰ বিৰুদ্ধে প্ৰতিবাদ কৰি যাব বুলি সকীয়নি প্ৰদান কৰে ৷