দলগাঁও, 28 আগষ্টঃদৰং জিলাৰ বেছিমাৰী গাওঁ পঞ্চায়তৰ অন্তৰ্গত ৩ নং বৰুৱাঝাৰ গাঁৱত ২০১৭/১৮ বৰ্ষৰ চতুৰ্দশ বিত্তীয় আয়োগৰ অধীনত ৰূপায়ন কৰা পেভাৰ ব্লকৰ কামত বৃহৎ দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ গাওঁখনৰ ছোৰাব আলী হাউচৰ পৰা হানিফ আলী হাউচলৈ ৩২২ মিটাৰ দীঘল ৰাস্তাটোৰ কাম ঠিকাদাৰে দুটা কিস্তিত সম্পূৰ্ণ কৰে ৷ ৰাস্তাটো নিৰ্মাণ কৰাৰ প্ৰাক মুহূৰ্তত দুয়োফালে ছাইড বাম বান্ধি কাম আৰম্ভ কৰিব লাগিছিল যদিও ছাইড বাম নোহোৱাকৈ সম্পূৰ্ণ কৰা হ’ল ৰাস্তাৰ কাম ৷ ৰাস্তাৰ কাম শেষ হোৱাৰ পিছতেই ৰাস্তাৰ মাজত পৰিলক্ষিত হৈছে চিৰল ফাঁট । ৰাস্তাৰ কামটোত নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ ফলত যিকোনো সময়ত ৰাস্তাটো ভাঙি যোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে ৷
দলগাঁৱত পেভাৰ ব্লক পথ নিৰ্মাণৰ নামত অনিয়ম সংঘটিত হোৱাৰ অভিযোগ
বেছিমাৰী গাওঁ পঞ্চায়তৰ অন্তৰ্গত ৩ নং বৰুৱাঝাৰ গাঁৱত চতুৰ্দশ বিত্তীয় আয়োগৰ পেভাৰ ব্লক ৰাস্তা নিৰ্মাণৰ নামত বৃহৎ দুৰ্নীতিৰ অভিযোগ ।
পেভাৰ ব্লক ৰাস্তাটোৰ নামত চতুৰ্দশ আয়োগৰ অধীনত দুটা কিস্তিত মুঠ ১৬,৭০,০০০ টকা চৰকাৰে অনুমোদন দিয়াৰ পিচতো কেনেকৈ সংঘটিত হ'ল দুৰ্নীতি তাকে লৈ ৰাইজৰ মাজত উত্থাপন হৈছে নানান ধৰনৰ প্ৰশ্ন ৷ উল্লেখ্য যে,২০১৯/২০ বৰ্ষৰ এনৰেগা আঁচনিৰ অধীনত উল্লেখিত ৰাস্তাটোতেই ছুৰাব আলী হাউচৰ পৰা হানিফ আলীৰ ঘৰলৈ মুঠ (১,৭০,০০০) টকা চৰকাৰে আবন্টন দিয়ে যদিও উক্ত আঁচনিৰ টকাখিনিৰ ভিতৰত ২০ হাজাৰ টকাৰ কাম কৰি বাকি টকা পঞ্চায়ত প্ৰতিনিধিৰ লগত মিলি ঠিকাদাৰে আত্মসাত কৰাৰ অভিযোগ উত্থাপন হৈছে ।
লগতে পঢ়কঃআৰক্ষীৰ জালত চাৰি জাল নোট সৰবৰাহকাৰী