অসম

assam

ETV Bharat / state

সোণালী পামত ক্ৰীড়া প্ৰকল্পৰ আধাৰশিলা স্থাপন সাংসদ দিলীপ শইকীয়াৰ - আধাৰশিলা স্থাপন

অসম চৰকাৰৰ স্বাক্ষৰ প্ৰকল্পৰ অধীনত মঙলদৈৰ সোণালী পামত নিৰ্মাণ কৰা ক্ৰীড়া প্ৰকল্পৰ আধাৰশিলা স্থাপন ৷ এই ক্ৰীড়া প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়া আৰু বিধায়ক গুৰুজ্যেতি দাসে।

game project foundation stone at mangaldoi
game project foundation stone at mangaldoi

By

Published : Aug 22, 2020, 4:54 AM IST

দৰং, 21 আগষ্ট : ১০ কোটি টকা ব্যয় সাপেক্ষে মঙলদৈৰ সোণালী পামত নিৰ্মাণ কৰা ক্ৰীড়া প্ৰকল্পৰ আধাৰশিলা স্থাপন ৷ অসম চৰকাৰৰ স্বাক্ষৰ প্ৰকল্পৰ অধীনত নিৰ্মাণ কৰা এই ক্ৰীড়া প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়া আৰু বিধায়ক গুৰুজ্যেতি দাসে। তিনি শতাধিক লোক উপস্থিত থকা আধাৰশিলা স্থাপন অনুষ্ঠানত দৰঙৰ উপায়ুক্ত দিলীপ কুমাৰ দাস, দৰং বিজেপিৰ সভাপতি অমৰেন্দ্ৰ শৰ্মা, মঙলদৈ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ প্ৰতাপ বৰদলৈ উপস্থিত থাকে।

মঙলদৈৰ সোণালী পামত ক্ৰীড়া প্ৰকল্পৰ আধাৰশিলা সাংসদ দিলীপ শইকীয়াৰ

প্ৰায় ১০ হাজাৰ লোক একেলগে বহিব পৰা ষ্টেডিয়াম খনত সদ্যহতে ১০ কোটি টকাৰে ২৪.৫ বিঘা ভূমিত পকী চাৰিবেৰ নিৰ্মাণ, ফুটবল খেলপথাৰ নিৰ্মাণ, পশ্চিম দিশত দুহেজাৰ দৰ্শক বহিব পৰাকৈ দুমহলীয়া পেভিলিয়ন নিৰ্মাণ, ফ্লাড লাইটকে ধৰি কিছু কাম কৰা হ’ব। পৰৱৰ্তী পৰ্যায়ত যদিহে কেন্দ্ৰীয় চৰকাৰৰ পৰা ধন আবণ্টন লাভ কৰে তেনেহলে চুইমিং পুল, বক্সিং ৰিং আদি আদিৰ ব্যৱস্থা কৰাৰ পৰিকল্পনা কৰা হৈছে ।

ক্ৰীড়া প্ৰকল্পৰ আধাৰশিলাত বিধায়ক গুৰুজ্যোতি দাস

উল্লেখ্য যে, মঙলদৈ নদীৰ ওপৰত সোণালীপাম-হাউলীমোহনপুৰ সংযোগী দলং এখনৰ পৰিকল্পনাৰ কথাও উল্লেখ কৰে বিধায়ক গুৰুজ্যোতি দাসে । মঙলদৈবাসী ৰাইজৰ ক্ৰীড়াৰ ক্ষেত্ৰত এক আশাৰ বতৰা কঢ়িয়াই আনিব বুলি বিধায়ক গুৰু জ্যোতি দাসে উল্লেখ কৰে ৷

লগতে পঢ়ক :খিলঞ্জীয়াৰ অস্তিত্বৰ বাবে বিজেপিয়ে সদায় মাত মাতি যাব: পীযুষ হাজৰিকা

ABOUT THE AUTHOR

...view details