অসম

assam

ETV Bharat / state

আৰক্ষীৰ জালত দৰঙৰ ভুৱা চিকিৎসক - দৰং আৰক্ষীৰ উপ-আৰক্ষী অধীক্ষক অনিতা হাজৰিকা

খাৰুপেটীয়াৰ বিহুদিয়াৰ সহৰ আলী নামৰ এজন ভুৱা চিকিৎসকক আটক কৰে আৰক্ষীয়ে ৷ অভিযুক্ত সহৰ আলীৰ ফাৰ্মাচীৰ পৰা বিভিন্ন আপত্তিজনক ঔষধৰ লগতে কেতবোৰ চিকিৎসা সামগ্ৰীও জব্দ কৰে ।

আৰক্ষীৰ জালত দৰঙৰ ভুৱা চিকিৎসক

By

Published : Nov 16, 2019, 1:40 PM IST

দৰং, 16 নৱেম্বৰঃ দৰঙত আটক ভুৱা চিকিৎসক ৷ খাৰুপেটীয়াৰ বিহুদিয়াৰ সহৰ আলী নামৰ এজন ভুৱা চিকিৎসকক আটক কৰে আৰক্ষীয়ে ৷ দৰং আৰক্ষীৰ উপ-আৰক্ষী অধীক্ষক অনিতা হাজৰিকা আৰু খাৰুপেটীয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিৰাজ মোহন ডেকাৰ নেতৃত্বত চলা এক অভিযানত আটক কৰে অভিযুক্ত ভুৱা চিকিৎসক সহৰ আলীক ৷

আৰক্ষীৰ জালত দৰঙৰ ভুৱা চিকিৎসক

দীৰ্ঘদিন ধৰি বিহুদিয়াৰ নিজ বাসগৃহতে এখন অবৈধ ফাৰ্মাচীৰ জৰিয়তে ৰোগীক চোৱাচিতা কৰি থকা বুলি প্ৰকাশ কৰে আৰক্ষীয়ে ৷ অভিযুক্ত সহৰ আলীৰ ফাৰ্মাচীৰ পৰা বিভিন্ন আপত্তিজনক ঔষধৰ লগতে কেতবোৰ চিকিৎসা সামগ্ৰী জব্দ কৰে । সম্প্ৰতি খাৰুপেটীয়া থানাত ধৃত সহৰ আলিৰ বিৰুদ্ধে ৪৮৩/১৯ নং, ৪২০/৪১৯ ধাৰাত আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ।

আৰু পঢ়কঃ কেবৰ বিৰুদ্ধে পুনৰ জ্বলি উঠিছে উত্তৰ-পূৰ্ৱাঞ্চল

ABOUT THE AUTHOR

...view details