অসম

assam

ETV Bharat / state

দৰঙত গ্ৰেপ্তাৰ প্ৰৱঞ্চক : জাল চহী সন্দৰ্ভত প্ৰতিক্ৰিয়া উপায়ুক্তৰ - প্ৰৱঞ্চক

শনিবাৰে দৰং আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় চাকৰি দিয়াৰ নামত প্ৰৱঞ্চনা কৰা এজন যুৱকক । আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা প্ৰৱঞ্চকটোৰ নাম প্ৰণৱ চহৰীয়া । ধৃত প্ৰণৱ চহৰীয়াই দৰঙৰ জিলা উপায়ুক্ত দিলীপ কুমাৰ বৰাৰ জাল চহীৰে মঙলদৈ গেৰিমাৰীৰ আমিনা বেগম নামৰ মহিলা এগৰাকীক নিযুক্তি দিছিল ।

fraud-arrested-in-darrang
দৰঙত গ্ৰেপ্তাৰ প্ৰৱঞ্চক:চাকৰি প্ৰলোভনেৰে সংগ্ৰহ কৰিছিল মোটা অংকৰ ধন

By

Published : May 8, 2021, 9:25 PM IST

দৰং,8মে' :দিনক দিনে বৃদ্ধি পোৱা নিবনুৱা সমস্যাৰ সুযোগ গ্ৰহণ কৰি এচাম লোকে প্ৰলোভন দেখুৱাই চাকৰিৰ বজাৰ মেলিছে দৰং জিলাত । শনিবাৰে দৰং আৰক্ষীয়ে তেনে এজন প্ৰৱঞ্চকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা প্ৰৱঞ্চকটো ছিপাঝাৰৰ প্ৰণৱ চহৰীয়া বুলি জানিব পৰা গৈছে । প্ৰাপ্ত তথ্য অনুসৰি, ধৃত প্ৰণৱ চহৰীয়াই দৰঙৰ জিলা উপায়ুক্ত দিলীপ কুমাৰ বৰাৰ জাল চহীৰে মঙলদৈ গেৰিমাৰীৰ আমিনা বেগম নামৰ মহিলা এগৰাকীক নিযুক্তি দিছিল । কম্পিউটাৰ ফাইল নিৰীক্ষক হিচাপে নিযুক্তি দি মহিলাগৰাকীৰ দৰমহা, অংশকালীন সময়সীমা আৰু কৰ্মৰ সময়ো নিৰ্ধাৰণ কৰি ভুৱা নিযুক্তি পত্ৰ দিছিল প্ৰৱঞ্চকজনে । কিন্তু যেতিয়া মহিলাগৰাকীয়ে উপায়ুক্তৰ কাৰ্যালয়ত যোগদান কৰিবলৈ আহে তেতিয়া ঘটনাৰ সমগ্ৰ তথ্য পোহৰলৈ আহে ।

দৰঙত গ্ৰেপ্তাৰ প্ৰৱঞ্চক:জাল চহী সন্দৰ্ভত প্ৰতিক্ৰিয়া দৰঙৰ উপায়ুক্তৰ

উল্লেখ্য যে, প্ৰণৱ চহৰীয়াই জিলাখনৰ প্ৰায় ১০ গৰাকী যুৱক-যুৱতীৰ পৰা উপায়ুক্তৰ কাৰ্যালয়ত চাকৰি দিয়াৰ প্ৰলোভনেৰে মোটা অংকৰ ধন সংগ্ৰহ কৰিছিল । অৱশেষত আমিনা বেগমে নিজৰ কৰ্তব্যত যোগদান কৰিবলৈ অহাত হে জোলোঙাৰ মেকুৰী ওলাই পৰে । আনহাতে,এই প্ৰৱঞ্চনাৰ ঘটনাৰ সৈতে হীৰকজ্যোতি কলিতা নামৰ আন এজন প্ৰৱঞ্চক জড়়িত থকাৰ তথ্যও পোহৰলৈ আহিলে ৷ বৰ্তমান প্ৰৱঞ্চক হীৰককো বিচাৰি আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে ৷ সম্প্ৰতি ধৃত প্ৰণৱ চহৰীয়াক মঙলদৈ থানাত সোধ-পোচ অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

লগতে পঢ়ক:দেওবাৰে ঘোষণা হ’ব অসমৰ মুখ্যমন্ত্ৰীৰ নাম

ABOUT THE AUTHOR

...view details