অসম

assam

ETV Bharat / state

পূৱ ভাৰতৰ প্ৰথমখন দক্ষতা বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰীৰ - Foundation stone of East india's first skill develeopment university

সোমবাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে স্থাপন কৰিলে এই দক্ষতা বিশ্ববিদ্যালয় খনৰ আধাৰশিলা ৷ 2026 চনত বিশ্ববিদ্যালয় খন সম্পূৰ্ণ হৈ উঠিব বুলি জনাইছে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

foundation-stone-of-east-indias-first-skill-develeopment-university-laid-at-mongoldoi
মঙলদৈত পূৱভাৰতৰ প্ৰথমখন দক্ষতা বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন

By

Published : Feb 15, 2021, 10:49 PM IST

মঙলদৈ,15 ফেব্ৰুৱাৰী: সোমবাৰে মঙলদৈত পূৱ ভাৰতৰ প্ৰথমখন দক্ষতা বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ মঙলদৈ চহৰৰ নাতিদুৰৈত গেৰিমাৰী গাঁৱত প্ৰায় 250 বিঘা ভূমিত 1 হাজাৰ কৌটি টকা ব্যয়েৰে নিৰ্মাণ হ'ব এই দক্ষতা বিশ্ববিদ্যালয় খন ৷

2026 চনত বিশ্ববিদ্যালয় খন সম্পূৰ্ণ হৈ উঠিব বুলি জনাইছে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ উল্লেখ্য যে, বিশ্ববিদ্যালয়খনত একে সময়তে বাৰটা পাঠ্যক্ৰমত দহ হাজাৰ শিক্ষাৰ্থীয়ে শিক্ষা গ্ৰহণ কৰিব পাৰিব৷ আধাৰ শিলা স্থাপন কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ভাষণত কয় যে,অসমৰ ৰাইজৰ সকলো দিশতে দক্ষতা বিকাশ কৰি নিজৰ লগতে ৰাজ্য খনলৈ আৰ্থিক ভাৱে অৰিহণা যোগাবলৈ বিভিন্ন দক্ষতা বিকাশ শিক্ষানুস্থান স্থাপন কৰা হৈছে ৷

মঙলদৈত পূৱভাৰতৰ প্ৰথমখন দক্ষতা বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন

ইফালে ভাষণ প্ৰসংগত কংগ্ৰেছক সমালোচনা কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে যে, কংগ্ৰেছৰ দিনত শাসকে নিজৰ আত্মীয় কুটুম্বক প্ৰতিষ্ঠা কৰাৰ স্বাৰ্থত শাসন ব্যৱস্থা কলুষিত কৰিছিল ৷ নৈতিকতা নোহোৱাৰ বাবে 55 বছৰ শাসন কৰাৰ পিছতো তেঁওলোক বিফল হল ৷

কিন্তু বিজেপিয়ে ইয়াৰ পৰিবৰ্তে উঠি অহা যুৱ চামক উৎসাহিত কৰিবলৈ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে বুলি উল্লেখ কৰি বিজেপিৰ দিনত ৰাজ্যই এক নতুন ৰূপ পাবলৈ সক্ষম হৈছে বুলি মন্তব্য কৰে সোণোৱালে ৷ উক্ত আধাৰশিলা স্থাপন অনুষ্ঠানত উপস্থিত থাকে পৰিবহন আৰু উদ্যোগ বিভাগৰ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী, মঙলদৈ লোকসভাৰ সাংসদ তথা ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সম্পাদক দিলীপ শইকীয়া ,মঙলদৈ সমষ্টিৰ বিধায়ক গুৰুজ্যোতি দাস,ছিপাঝাৰ বিধান সভা সমষ্টিৰ বিধায়ক বিনন্দ শইকীয়া ৷

লগতে পঢ়কঃঅসমত অধিক বিনিয়োগ কৰাৰ বাবে আগ্ৰহী জাপান: এছ জয়শংকৰ

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details