অসম

assam

By

Published : Jun 9, 2022, 6:50 PM IST

ETV Bharat / state

মঙলদৈ প্ৰেছ ক্লাবৰ ২৮ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

সম্প্ৰতি সাংবাদিকসকল কেৱল সংবাদ সংগ্ৰহ কৰা ব্যক্তিয়েই নহয়, সমাজৰ অবিচ্ছেদ্য অংশ হৈ পৰিছে ৷ সেয়েহে সাংবাদিকসকলৰ ভুমিকাও বেলেগ বেলেগ হোৱা পৰিলক্ষিত হৈছে । বিশেষকৈ জনসাধাৰণৰ মাজত সাংবাদিক সকলে সচেতনতা বৃদ্ধি কৰাত আগভাগ লৈ আহিছে

মঙলদৈ প্ৰেছ ক্লাবৰ ২৮ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন
মঙলদৈ প্ৰেছ ক্লাবৰ ২৮ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

মঙলদৈ, 9 জুন: সংবাদ মাধ্যম কোনো প্ৰশাসন বা ৰাজনৈতিক দলৰ ওচৰত দায়বদ্ধ নহয়, ই জনসাধাৰণ আৰু পাঠকৰ ওচৰতহে দায়বদ্ধ । আজি মঙলদৈ প্ৰেছ ক্লাবৰ 28 সংখ্যক প্ৰতিষ্ঠা দিৱসৰ মুকলি সভা উদ্বোধন কৰি এইদৰে কয় মঙলদৈ মহাবিদ্যালয় অধ্যক্ষ ড৹ কমলা কান্ত বৰাই (Foundation day of Mangaldoi Press Club)। ড৹ বৰাই নিৰ্ভীক-স্পষ্টবাদী সাংবাদিকেহে প্ৰকৃত সত্যটো ৰাইজৰ মাজলৈ উলিয়ায় নিব পাৰে বুলি কয় ।

সম্প্ৰতি সাংবাদিকসকল কেৱল সংবাদ সংগ্ৰহ কৰা ব্যক্তিয়েই নহয়, সমাজৰ অবিচ্ছেদ্য অংশ হৈ পৰিছে (Media now one of essential part of society) ৷ সেয়েহে সাংবাদিকসকলৰ ভুমিকাও বেলেগ বেলেগ হোৱা পৰিলক্ষিত হৈছে । বিশেষকৈ জনসাধাৰণৰ মাজত সাংবাদিক সকলে সচেতনতা বৃদ্ধি কৰাত আগভাগ লৈ আহিছে বুলি তেওঁ মন্তব্য কৰে । মঙলদৈ প্ৰেছ ক্লাবৰ সভাপতি মদন চন্দ্ৰ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত অৱসৰপ্ৰাপ্ত শিক্ষাবিদ তথা দৰং জিলা সাহিত্য সভাৰ প্ৰতিস্থাপক সম্পাদক ফুলেন্দ্ৰনাথ চহৰীয়াই বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি কয় যে তাহানিৰ সাংবাদিকতা আৰু আজিৰ সাংবাদিকতাৰ বহু পৰিবৰ্তন হ'ল ।

মঙলদৈ প্ৰেছ ক্লাবৰ ২৮ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

অসমৰ প্ৰতিটো দুৰ্যোগৰ সময়ত সাংবাদিকে অতি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে বুলি মন্তব্য কৰি তেওঁ দৰঙৰ সাংবাদিকৰ ইতিহাস বৰ্ণনা কৰে । তেওঁ কয় যে শৈতেশ দাস গুপ্ত হৈছে দৰঙৰ প্ৰথম গৰাকী সাংবাদিক । মঙলদৈ প্ৰেছ ক্লাবৰ সম্পাদক লক্ষীনন্দন কলিতা আৰু উপ-সভাপতি মুকুট ৰাজ শৰ্মাই আতঁ ধৰা সভাখনত দৰঙৰ আৰক্ষী অধীক্ষক ৰাজ মোহন ৰায়ে বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি সাংবাদিক সকলক সমাজৰ প্ৰতি দায়বদ্ধতাৰে বাতৰি পৰিবেশন কৰিবলৈ আহ্বান জনায় ।

উক্ত সভাতেই দৰঙৰ দুগৰাকী জ্যেষ্ঠ সাংবাদিকক সম্বৰ্দ্ধনা জনাই মঙলদৈ প্ৰেছ ক্লাৱে ৷ প্ৰবীন সাংবাদিক, মঙলদৈ প্ৰেছ ক্লাবৰ প্ৰাক্তন সভাপতি তথা মঙলদৈ মহাবিদ্যালয়ৰ অৱসৰী সহযোগী অধ্যাপক ড৹ জামালুদ্দিন আহমেদ আৰু জেষ্ঠ সাংবাদিক, মঙলদৈ প্ৰেছ ক্লাবৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা কৃৰ্তী শিক্ষক হৰেন কলিতাক সংবাদ ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে ফুলাম গামোচা,জাপি আৰু মানপত্ৰৰে সম্বদ্ধনা জ্ঞাপন কৰা হয় ।

মঙলদৈ প্ৰেছ ক্লাবৰ ২৮ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

সভাখনত অসম সাহিত্য সভাৰ প্ৰাক্তন মুখপাত্ৰ, তথা গীতিকাৰ, সাহিত্যিক চহিৰ ভূঞা, আছুৰ কেন্দ্ৰীয় বিত্ত সম্পাদক খনিন্দ্ৰ ৰাজবংশী, যুৱ-ছাত্ৰ পৰিষদৰ উপ-সভাপতি ভবেশ কাকতি, বিজেপিৰ ৰাজ্যিক মহিলা মৰ্চাৰ উপ-সভাপতি প্ৰেমদা ভূঞা, অ' বি চি উন্নয়ন পৰিষদৰ অধ্যক্ষ জিন্তু বৰুৱা, দৰং জিলা অগপৰ সভাপতি কমলেশ্বৰ বৰুৱা, সমাজ কৰ্মী আনোৱাৰ হুছেইন আদি বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰে । ইয়াৰ পূৰ্বে পুৱা ক্লাবৰ পতাকা উত্তোলন কৰে সভাপতি মদন চন্দ্ৰ বৰুৱা আৰু স্মৃতি তৰ্পণ কৰে অসম বাৰ্তাজীৱী সংঘৰ উত্তৰ পূৱ মণ্ডলৰ উপ-সভাপতি অখিল কলিতাই ।

লগতে পঢ়ক:১১ জুনত মুকলি হ’ব তেজপুৰ বাটামাৰীৰ কনভেঞ্চন ভৱন

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details