দলগাঁও,২৫ মাৰ্চ: শাক পাচলিৰ লগতে দলগাঁও সমষ্টিৰ বিঘাই বিঘাই কৰা হৈছে বিভিন্ন প্ৰজাতিৰ বগৰী খেতি । বিভিন্ন ধৰণৰ বগৰীৰ লগতে ফল-মূলৰ খেতি চৰাই-চিৰিকতি আদিৰ পৰা সুৰক্ষিত কৰিবলৈ কৃষকে ব্যবহাৰ কৰি আহিছে জাল । এই জালত পৰি মৃত্যুমুখত পৰিছে বহুতো চৰাই (Birds death in Net at Dalgaon)। ইয়াকে লৈ প্ৰকৃতিপ্ৰেমী ৰাইজে উদ্বেগ প্ৰকাশ কৰিছে । ইতিমধ্য়ে বন বিভাগৰ লোকে এই জালসমূহ আঁতৰাই ভৱিষ্য়তে ইয়াৰ ব্য়ৱহাৰ নকৰিবলৈ সকীয়াই দিছে এইসকল কৃষকক ।
দলগাঁও সমষ্টিত কৃষকৰ খেতি পথাৰৰ এই জালত পৰি বহু চৰাইৰ মৃত্যুৰ খৱৰ বিয়পি পৰাৰ পিচতেই সমষ্টিটোৰ বিভিন্ন ঠাইত অভিযান চলাইছে বন বিভাগৰ দলে । এই দলটোৱে দলগাঁৱৰ উপৰি, খাৰুপেটীয়া, বেছিমাৰীৰ অঞ্চলৰ বিভিন্ন খেতিপথাৰত উপস্থিত হৈ ফল-মূলৰ খেতি পথাৰত লগোৱা জালসমূহ খুলি জ্বলাই দিয়ে (Forest department fired net in Dalgaon) । এই দলটোৱে লগতে জালত আৱদ্ধ হৈ থকা বহু চৰাই উদ্ধাৰ কৰি মুকলি আকাশতলৈ উৰি যাবৰ বাবে এৰি দিয়ে ৷