অসম

assam

ETV Bharat / state

Story of folk instrument maker: শাৰদীয় উৎসৱৰ উচাহ নাই মাণিক পালৰ - Durga Puja 2023

ৰাজ্য়ৰ চৌদিশে বিৰাজ কৰিছে এক উদুলি-মুদুলি পৰিৱেশে । শাৰদীয় দুৰ্গোৎসৱলৈ মাজত মাত্ৰ এটা দিন বাকী । এনে সময়তে ব্যস্ত হৈ পৰিছে মৃণ্ময় শিল্পীসকলৰ লগতে ঢাক-ঢোল নিৰ্মাণ কৰা শিল্পীসকল । পিছে ঢাক-ঢোল প্ৰস্তুত কৰা এগৰাকী শিল্পীৰ কাহিনীয়ে শাৰদীয় বতৰত লাভ কৰিছে বিশেষ চৰ্চা

Story of folk instrument maker
শাৰদীয় উৎসৱৰ উচাহ নাই মাণিক পালৰ

By ETV Bharat Assamese Team

Published : Oct 18, 2023, 7:41 PM IST

শাৰদীয় উৎসৱৰ উচাহ নাই মাণিক পালৰ

দলগাঁও,১৮ অক্টোবৰ: হিমসনা পথেৰে কঁহুৱাৰ আঁচল ধৰি আহিল শাৰদীয় দুৰ্গোৎসৱ । চৌদিশে উখল-মাখল পৰিৱেশ । সকলোৰে যেন ব্যস্ততাৰ অন্ত নাই । শাৰদীয় দুৰ্গোৎসৱলৈ মাজত এটা দিন বাকী । দুৰ্গোৎসৱ বুলিলেই ব্যস্ততা বাঢ়ে মৃণ্ময় শিল্পীসকলৰ । ব্যস্ততা বাঢ়ে ঢাক-ঢোল নিৰ্মাণ কৰা শিল্পীসকলৰ । এনে ক্ষণতে চৰ্চালৈ আহিছে এজন বিশেষ যুৱকৰ নাম ।

খাৰুপেটীয়াৰ যুৱক মাণিক পাল । বিগত ২০ বছৰে মাণিক ব্য়স্ত ঢাক-ঢোল বনোৱাত । আৰু মাত্ৰ এটা দিনৰ পাছতে সমগ্ৰ ৰাজ্য মুখৰিত হ'ব দেৱী বন্দনাৰে । চৌদিশে শুনা যাব ঢাকৰ শব্দ । সেয়ে ব্যস্ততা বাঢ়িছে ঢাক-ঢোল নিৰ্মাণ কৰা শিল্পীসকলৰ । দীৰ্ঘদিন ধৰি ‌এই বৃত্তিত নিয়োজিত ‌হৈ আছে খাৰুপেটীয়াৰ যুৱক মাণিক পাল । সমাগত দুৰ্গা পূজাৰ বাবে ব্যস্ততা বাঢ়িছে মানিক পালৰো ।‌

কিন্তু, অশেষ কষ্টৰে মাণিকে জীয়াই ৰাখিছে এই শিল্প । তেওঁৰ নাই নিজা ঘৰ, নিজা দোকান । পথৰ কাষতে দীৰ্ঘদিনে চলাই গৈছে তেওঁৰ ব্যৱসায় । এইগৰাকী যুৱকে সৰুৰে পৰা পিতৃৰ লগত থাকি শিকিছিল এই কাম । পিতৃৰ মৃত্যুৰ পিছত পিতৃৰ পদাংক অনুসৰণ কৰি মনোনিৱেশ কৰে এই বৃত্তিত‌ । গ্ৰামাঞ্চলৰ পৰা গছ‌ ক্ৰয় কৰি সেইসমূহ কাটি বিভিন্ন আকাৰত গঢ় দি প্ৰস্তুত কৰে ঢাক-ঢোল, খোল,তবলা আদি । কিন্ত মূল্যবৃদ্ধিয়ে বিপদত পেলাইছে মাণিক পালক । সংবাদ মাধ্যমৰ আগত ক'লে নিজ মুখেৰেই । বছৰৰ মাত্ৰ তিনিটা মাহতহে উপাৰ্জনৰ পথ মুকলি হোৱা এই ব্যৱসায়েৰে পৰিয়াল পোহপাল দিবলৈ অসুবিধাত পৰিছে যুৱকজন । সেয়ে মাণিক পালে বিচাৰিলে চৰকাৰী সহায় ।

লগতে পঢ়ক:Kati bihu:উৎসৱো যেতিয়া হৈ পৰে কান্দোনৰ কাৰণ, গাঁওখনত নজ্বলে এগচিও চাকি

ABOUT THE AUTHOR

...view details