অসম

assam

ETV Bharat / state

দলগাঁৱত ফ্লায়িং স্কোৱাডৰ অভিযানত জব্দ ২৬ লাখ টকা - ফ্লায়িং স্কোৱাড

নিৰ্বাচনৰ প্ৰাকক্ষণত টকাৰ উজান উঠিছে ৰাজ্যৰ ভিন্ন প্ৰান্তত । বুধবাৰে দৰঙৰ দলগাঁৱত জব্দ হ'ল নগদ ২৬ লাখ টকা । এখন মাৰুতী ছুজুকি ছুইফ্ট​ বাহনত তালাচী চলাই ফ্লায়িং স্কোৱাডে ধনখিনি জব্দ কৰে ।

দৰঙৰ দলগাঁৱত জব্দ হ'ল নগদ ২৬ লাখ টকা
দৰঙৰ দলগাঁৱত জব্দ হ'ল নগদ ২৬ লাখ টকা

By

Published : Mar 17, 2021, 3:51 PM IST

দলগাঁও,১৭ মাৰ্চ: এফালে শান্তিপূৰ্ণ আৰু নিকা পদ্ধতিৰে নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ প্ৰশাসনে প্ৰয়াস কৰিছে, আনফালে ৰাজ্যৰ ভিন্ন প্ৰান্তত উলংঘা হৈছে নিৰ্বাচনী আচৰণ বিধি । ভাৰতীয় নিৰ্বাচনী আয়োগৰ নিৰ্দেশক উপলুঙা কৰি একাংশই যেন নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰাৰ প্ৰতিযোগিতাতহে নামিছে । নিতৌ ফ্লায়িং স্কোৱাডৰ অভিযানত নগদ ধন জব্দ হৈছে ৰাজ্যৰ বিভিন্ন স্থানত ।

দৰঙৰ দলগাঁৱত জব্দ হ'ল নগদ ২৬ লাখ টকা

বুধবাৰে দৰঙৰ দলগাঁৱত ফ্লায়িং স্কোৱাডৰ তালাচীত জব্দ হ'ল নগদ ২৬ লাখ টকা । দলগাঁও সমষ্টিৰ বেচিমাৰীৰ পৰা খাৰুপেটীয়া অভিমুখে গৈ থকা অৱস্থাতে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত AS 01 AK 2344 নম্বৰৰ এখন মাৰুতী ছুজুকি ছুইফট বাহনৰ পৰা আৰক্ষী আৰু ফ্লায়িং স্কোৱাডে ধনখিনি জব্দ কৰে । জব্দ কৃত ধনৰাশিৰ সৈতে উপযুক্ত নথিপত্ৰ দেখুৱাব পৰা নাই ধনৰ গৰাকীয়ে । সেয়ে ধনখিনি ফ্লায়িং স্কোৱাডে জব্দ কৰিছে ।

দৰঙৰ দলগাঁৱত জব্দ হ'ল নগদ ২৬ লাখ টকা

আনহাতে, ৰাজ্যত এতিয়া নগদ ধন জব্দ হোৱাতো কোনো নতুন বিষয় নহয় । নিৰ্বাচনৰ পূৰ্বে প্ৰশাসনে অধিক সতৰ্কতা অৱলম্বন কৰিছে যদিও নিৰ্বাচনী আচৰণ বিধি কাৰ্যকৰী হোৱাৰে পৰা ৰাজ্যত ধাৰাবাহিকভাৱে জব্দ হৈছে নগদ ধন ।

লগতে পঢ়ক: মাহমৰাত কংগ্ৰেছ প্ৰাৰ্থী সূৰুজ দিহিঙীয়াৰ নিৰ্বাচনী প্ৰচাৰ

ABOUT THE AUTHOR

...view details