দলগাঁও,১৭ জুলাই:জিলাখনত বৰ্তমানলৈ এহাজাৰ তিনিশ তিৰাশী হেক্টৰ কৃষিভূমি নষ্ট হৈছে এইবাৰৰ বানত । ক্ষতিগ্ৰস্ত হৈছে লক্ষাধিক পৰিয়াল। বানৰ কৱলত পৰি সৰ্বস্বান্ত হৈছে বহুজন । ক্ষতিগ্ৰস্ত বানাক্ৰান্ত সকলে এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে এতিয়া কৰিব লগীয়া হৈছে হাহাকাৰ । এখন তিৰ্পালৰ তলতে জীৱ জন্তুৰে সৈতে সহবাস কৰিবলৈ বাধ্য হৈছে এই সকল দুৰ্ভগীয়াই।
ঘৰ সম্পত্তি সকলো পানীত ডুব যোৱাৰ ফলত খাদ্য সামগ্ৰীৰ বাবেও কৰিব লগা হৈছে হাহাকাৰ । জীৱ জন্তুৰ বাবেও গোটাব পৰা নাই পশুখাদ্য। বহুলোকে থাকিবৰ বাবে ওখ ঠাই বিচাৰি কৰিছে হাহাকাৰ। কোনোৱে বিদ্যালয় চৌহদত আশ্ৰয় লোৱাৰ বিপৰীতে অসংখ্যজনে পথৰ ওপৰতে আশ্ৰয় লৈ পাৰ পৰিছে দিন ৰাতি ।