দলগাঁও, 4 ছেপ্টেম্বৰ : ভদীয়া বানে ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে দৰং জিলাৰো কেতবোৰ অঞ্চললৈ কঢ়িয়াই আনিছে অশনি শংকেত । সমগ্ৰ ৰাজ্যৰ লগতে ভদীয়া বানৰ কৱলত দৰঙৰ চৰাঞ্চল । জিলাখনৰ দলগাঁও আৰু মঙলদৈ সমষ্টিৰ কেবাখনো গাঁও ইতিমধ্যে প্লাৱিত কৰিছে ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈ সমূহৰ বাঢ়নী পানীয়ে ।
উল্লেখ্য যে, সমষ্টি দুটাৰ হাজাৰ হাজাৰ বিঘা কৃষি ভূমিকে ধৰি ঘৰ দুৱাৰ সকলো এতিয়া ভদীয়া বানৰ কৱলত । ঘৰ দুৱাৰ সম্পূৰ্ণ পানীত বুৰ যোৱাত যাতায়ত , খাদ্য বস্তু, খোৱা পানী, চিকিৎসা আদিৰ লগতে বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে বানাক্ৰান্ত । নিজৰ ঘৰ-বাৰী, মাটি-ভেটি হেৰুৱাই কোনো ওখ স্থানত পশুধনৰ সৈতে একেলগে বসবাস কৰিবলৈ বাধ্য হৈছে বানপীড়িতই ।