অসম

assam

ETV Bharat / state

দৰঙত প্ৰথমটো চুইমিং পুল নিৰ্মাণ দুই প্ৰবাসী ভাৰতীয়ৰ - মৃণালিনী দেৱী

দৰং জিলাৰ প্ৰথমটো চুইমিং পুলৰ নিৰ্মাণ ৷ ড০ হিমন্ত বিশ্ব শৰ্মাৰ জ্যেষ্ঠ ভাতৃ তথা লণ্ডন নিবাসী ডাঃ জয়ন্ত বিশ্ব শৰ্মা আৰু হাজৰিকাপাৰাৰ সু-সন্তান আমেৰিকা নিবাসী অভিযন্তা ভৱানী শৰ্মাৰ পৃষ্ঠপোষকতাত চুইমিং পুল নিৰ্মাণ৷

দৰঙত প্ৰথমটো চুইমিং পুল নিৰ্মাণ দুই প্ৰবাসী ভাৰতীয়ৰ

By

Published : Oct 10, 2019, 5:37 AM IST

দৰং, 9 অক্টোবৰঃদৰং জিলাৰ প্ৰথমটো চুইমিং পুলৰ নিৰ্মাণৰ খবৰে হাজৰিকাপাৰাবাসীলৈ আনিছে সুখৰ বতৰা ৷ হাজৰিকাপাৰা আঞ্চলিক ক্ৰীড়া সন্থাৰ উদ্যোগত ড০ হিমন্ত বিশ্ব শৰ্মাৰ জ্যেষ্ঠ ভাতৃ তথা লণ্ডন নিবাসী ডাঃ জয়ন্ত বিশ্ব শৰ্মা আৰু হাজৰিকাপাৰাৰ সু-সন্তান আমেৰিকা নিবাসী অভিযন্তা ভৱানী শৰ্মাৰ পৃষ্ঠপোষকতাত চুইমিং পুল নিৰ্মাণৰ প্ৰাৰম্ভিক কাম ইতিমধ্যেই আৰম্ভ হৈছে ৷ এই খবৰে জলক্ৰীড়াৰ সৈতে জড়িত নৱ প্ৰজন্মক যথেষ্ট উৎসাহ প্ৰদান কৰিব বুলি আশাবাদী দৰঙবাসী ৷ স্থানীয় ৰাইজিং ক্লাবত অনুষ্ঠিত এখন সভাত ডাঃ জয়ন্ত বিশ্ব শৰ্মাৰ লগতে তেওঁৰ মাতৃ মৃণালিনী দেৱীও অংশগ্ৰহণ কৰে ৷ ইয়াৰ লগতে নেহৰু স্মৃতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী সকলৰ লগতো মত বিনিময় কৰি পৰামৰ্শমূলক বক্তব্য প্ৰদান কৰে ৷

দৰঙত প্ৰথমটো চুইমিং পুল নিৰ্মাণ দুই প্ৰবাসী ভাৰতীয়ৰ

ABOUT THE AUTHOR

...view details