দৰং,22 এপ্ৰিল:ক্ৰমাৎ দৰং জিলাত বৃদ্ধি পাইছে কৰ’ণাত আক্ৰান্ত লোকৰ সংখ্যা ৷ বুধবাৰে ক'ৰণাৰ দ্বিতীয়টো লহৰত প্ৰথম গৰাকী আক্ৰান্তৰ মৃত্যু হয় ৷ দৰঙৰ পানবাৰীৰ আব্দুল মজিদ নামৰ লোক জনে প্ৰাণ হেৰুৱাই মহামাৰী ক'ৰণাত ৷
কৰ'ণাৰ দ্বিতীয় লহৰত দৰঙৰ প্ৰথমগৰাকী ৰোগীৰ মৃত্যু - কৰ’ণাত আক্ৰান্ত লোক
বুধবাৰে ক'ৰণাৰ দ্বিতীয়টো লহৰত দৰঙৰ প্ৰথম গৰাকী আক্ৰান্তৰ মৃত্যু হয় ৷ পানবাৰীৰ আব্দুল মজিদ নামৰ লোকজনে মঙলদৈ হাস্পতাললৈ লৈ আহি থকাৰ সময়তে আদবাটতে মৃত্যুক আঁকোৱালি লয় ৷
কৰ'নাৰ দ্বিতীয় লহৰত দৰঙৰ প্ৰথমগৰাকী ৰোগীৰ মৃত্যু
তেজপুৰ মেডিকেল কলেজ হাস্পতালত ব্যক্তি গৰাকীৰ দেহত ক'ৰণা উপস্থিতি ধৰা পৰে যদিও মঙলদৈ হাস্পতাললৈ লৈ অহাৰ সময়তে আদবাটতে মৃত্যুক আঁকোৱালি লয় আব্দুল মজিদ নামৰ লোক জনে ৷ উল্লেখ্য যে, ৰাজ্যৰ ক’ভিড পৰিস্থিতি ক্ৰমান্বয়ে অৱনতি ঘটা পৰিলক্ষিত হৈছে ৷ দৈনিক বৃদ্ধি পাবলৈ ধৰিছে ক’ভিড আক্ৰান্তৰ সংখ্যা ৷ ক’ভিডৰ সংক্ৰমণ ৰোধৰ বাবে চৰকাৰ তথা প্ৰশাসনে কেতবোৰ নিৰ্দেশনা জাৰী কৰিছে ৷
লগতে পঢ়ক: ধুবুৰী অসামৰিক চিকিৎসালয়ৰ নাৰ্চ-স্বাস্থ্য কৰ্মীৰ দেহত কৰ’ণা