দৰং, 9 জানুৱাৰীঃযিগৰাকী ছাত্ৰই আত্মবলিদান দি অসমীয়া ভাষাক মাধ্যম হিচাপে ওভতাই অনাত অৰিহনা যোগাইছিল সেইজনা ছহিদৰ নামত তাহানিৰ চৰকাৰে কটন বিশ্ববিদ্যালয়ত স্মৃতিৰ সাক্ষৰ হিচাপে এটি ছাত্ৰবাস বনায় ৷ ভাষা আন্দোলনৰ প্ৰথম ছহিদগৰাকীৰ প্ৰতি ইমানতেই কৰণীয় সমাপ্ত সদৌ অসম ছাত্ৰ সন্থা বা চৰকাৰৰ ৷
গুৱাহাটী আৰু ডিব্রুগড় বিশ্ববিদ্যালয় দুখনে শিক্ষাৰ মাধ্যম আঞ্চলিক ভাষা অসমীয়া কৰিবলৈ যুক্তিসন্মত সিদ্ধান্ত লোৱাৰ লগে লগেই 1972 চনত বিভীষিকা আহি পৰিল ৷ অসম বিধানসভায়ো 1972 চনৰ 23 ছেপ্টেম্বৰত কাছাৰৰ কাৰণে সুকীয়া বিশ্ববিদ্যালয় স্থাপনৰ প্ৰস্তাৱ গ্ৰহণ কৰাত ছাত্ৰ সন্থাই সমগ্ৰ অসমত ছাত্ৰ আৰু ৰাইজক সজাগ কৰি আন্দোলনৰ কার্যপন্থা গ্ৰহণ কৰে ৷ এই আন্দোলনৰ প্ৰভাৱ দৰঙৰ মঙলদৈতো পৰিল ৷ 1972 চনৰ 5 অক্টোবৰ, অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে সেইদিনা মঙলদৈ চৰকাৰী উচচতৰ মাধ্যমিক বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ ফুলকুমলীয়া মোজাম্মিল হকেও আন স্কুলীয়া স্বেচছাসেৱকৰ লগত 18 কিঃমিঃ আঁতৰৰ খাৰুপেটীয়াত পিকেটিং কৰিবলৈ গৈছিল ৷ তাতেই এচাম দুৰ্বৃত্তৰ হাতত প্ৰহৃত হৈ 6 অক্টোবৰৰ দিনা সকলোকে কন্দুৱাই মোজাম্মিল গুচি গৈছিল অচিন-অজান দেশলৈ ৷