দৰং, 13 জুলাই :সোমবাৰে দৰঙত কৰ’ণাত আক্ৰান্ত হৈ প্ৰথমজন লোকৰ মৃত্যু হয় । মৃত লোকজন মঙলদৈৰ মিলনপুৰ নিবাসী শৰৎ চন্দ্ৰ চহৰীয়া বুলি জানিব পৰা গৈছে ৷ তেওঁ পশ্চিম দৰঙৰ দুনী মহাবিদ্যালয়ৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত অধ্যক্ষ আছিল । উল্লেখ্য যে,তেওঁৰ জ্বৰ হোৱাৰ পিছত ডাঃ শচীন দাসৰ তত্বাৱধানত চিকিৎসাধীন হৈ আছিল ৷ জ্বৰৰ চিকিৎসা কৰি আছিল যদিও চিকিৎসকগৰাকীয়ে কোনোদিনে তেওঁক স্বাৱ পৰীক্ষাৰ বাবে পৰামৰ্শ দিয়া নাছিল।
আনহাতে,যোৱা শনিবাৰে ডাঃ শচীন দাসৰ তত্বাৱধানতে মঙলদৈৰ এখন ব্যক্তিগত চিকিৎসালয় দেৱচন্সত চেলাইন লোৱা বুলিও মৃত লোকজনৰ পৰিয়ালে জানিবলৈ দিয়ে। অৱশ্যে মৃত্যুৰ পিছতহে তেওঁ কৰ’ণাত আক্ৰান্ত হোৱা বুলি চিনাক্ত কৰা হৈছে ।
কৰ’ণাতংক : দৰঙত প্ৰথমজন ৰোগীৰ মৃত্যু - কৰ’ণাতংক
দৰঙত কৰ’ণাত আক্ৰান্ত হৈ প্ৰথমজন লোকৰ মৃত্যু ৷ মৃত লোকজন মঙলদৈৰ মিলনপুৰ নিবাসী শৰৎ চন্দ্ৰ চহৰীয়া আৰু তেওঁ পশ্চিম দৰঙৰ দুনী মহাবিদ্যালয়ৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত অধ্যক্ষ আছিল বুলি জানিব পৰা গৈছে ৷ মৃত্যুৰ পিছতহে তেওঁ কৰ’ণাত আক্ৰান্ত হোৱা বুলি চিনাক্ত কৰা হয় ।
দৰঙত কৰ’ণাত আক্ৰান্ত প্ৰথমজন লোকৰ মৃত্যু
লগতে পঢ়ক : কৰ'ণাক পৰাস্ত নগাঁৱৰ দুই চাফাই কৰ্মীৰ