অসম

assam

ETV Bharat / state

বিভিন্ন আঁচনিৰ বাবে বিত্ত বিভাগৰ পুঁজি মুকলি

কণ্টেইনমেণ্ট জ'ন আৰু হোম আইচ'লেশ্যনত থকা লোকসকল তথা অন্যান্য ক'ভিড সম্পকীয় ৰোগীৰ সাহাৰ্যৰ বাবে ৪৩২১.৬ লাখ টকা মুকলি ৷

By

Published : May 19, 2021, 10:43 PM IST

বিভিন্ন আঁচনিৰ বাবে বিত্ত বিভাগৰ পুঁজি মুকলি
বিভিন্ন আঁচনিৰ বাবে বিত্ত বিভাগৰ পুঁজি মুকলি

গুৱাহাটী, ১৯ মে': ৰাজ্যৰ ৩৪খন জিলাৰ কণ্টেইনমেণ্ট জ'ন আৰু হোম আইচ'লেশ্যনত থকা লোকসকল তথা অন্যান্য ক'ভিড সম্পকীয় ৰোগীৰ সাহাৰ্যৰ বাবে ৪৩২১.৬ লাখ টকা মুকলি কৰি দিছে ৰাজ্যৰ বিত্ত বিভাগে । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে বিত্তমন্ত্ৰী অজন্তা নেওগে বিভিন্ন আঁচনিৰ বাবে পুঁজি মোকলাই দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে ।

সেইদৰে বিত্ত বিভাগে অৰুণোদয় আঁচনিৰ হিতাধিকাৰী সকলৰ বাবে ১৬৭ কোটি মুকলি কৰি দিছে । আনহাতে, উচ্চতৰ মাধ্যমিকত সু-খ্যাতিৰে উত্তীৰ্ণ ছাত্ৰীসকলক স্কুটী প্ৰদানৰ বাবে ৯০২০.৯৬ লাখ টকাৰ অনুমোদন দিছে ।

লগতে পঢ়কঃ অসমলৈও আহিল "ব্লেক ফাংগাছ", প্ৰথমজন ৰোগীৰ মৃত্যু

ABOUT THE AUTHOR

...view details