দৰঙৰ ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসক কম্পাউণ্ডাৰৰ শীতল যুদ্ধ
কোন দিশে ৰাজ্যৰ স্বাস্থ্য বিভাগ? বুঢ়ীনগৰ ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত চৰম অৰাজকতা । চিকিৎসক কম্পাউণ্ডৰৰ কণ্ডলত অতিষ্ঠ হৈ ৰাইজৰ প্ৰতিবাদ ।
দৰং, 23 অক্টোবৰ: দৰং জিলাৰ বুঢ়ীনগৰ ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক-কম্পাউণ্ডাৰৰ কণ্ডলত অতিষ্ঠ হৈ পৰিছে ৰোগী । দীৰ্ঘদিনীয়া চিকিৎসক কম্পাউণ্ডাৰৰ মতানৈক্যৰ বাবেই মংগলবাৰে উত্তপ্ত পৰিস্থিতিয়ে দেখা দিয়ে চিকিৎসালয়খনত । কম্পাউণ্ডাৰৰ অভিযোগ অনুসৰি, সুজিত মণ্ডল নামৰ চিকিৎসকগৰাকীয়ে চিকিৎসালয়ত পৰ্যাপ্ত পৰিমাণে ঔষধ থকাৰ পাচটো লিখে বাহিৰৰ ফাৰ্মাচীৰ ঔষধ ৷ আনফালে চিকিৎসৰ অভিযোগ, কম্পাউণ্ডাৰে দিয়ে নিদান পত্ৰ(prescription) বৰ্হিভূত ঔষধ ৷ এতিয়া এনেদৰেই চলিছে ৰাইজৰ স্বাস্থ্য বিভাগ । পৰবৰ্তী সময়ত স্বাস্থ্য বিভাগে চিকিৎসালয়খনৰ এনে অৰাজকতাৰ বিষয়ত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াহে হ'ব লক্ষ্যণীয় ।