অসম

assam

By

Published : Jan 28, 2023, 10:13 AM IST

Updated : Jan 28, 2023, 10:57 AM IST

ETV Bharat / state

Battle of Patharughat: আজি কৃষক শ্বহীদ দিৱস, দৰঙত দিনজোৰা কাৰ্যসূচীৰে কেন্দ্ৰীয়ভাৱে উদযাপন

আজি ঐতিহাসিক পথৰুঘাটৰ কৃষক শ্বহীদ দিৱস (Farmers Martyrs Day) ৷ ১৮৯৪ চনৰ ২৮ জানুৱাৰীত দৰং জিলাৰ ঐতিহাসিক পথৰুঘাটত বৃটিছৰ শোষণ আৰু বঞ্চনাৰ প্ৰতিবাদ কৰিবলৈ গৈ ১৪০ জন কৃষক বৃটিছ সেনাৰ গুলিত নিহত হৈছিল ৷ তেতিয়াৰে পৰা আজিৰ দিনটোত প্ৰত্যেক বছৰে কৃষক শ্বহীদ দিৱস হিচাপে পালন কৰা হয় ৷

Farmers Martyrs Day of historic Pathrughat
কৃষক শ্বহীদ দিৱস

দৰং, 28 জানুৱাৰী: বুৰঞ্জীয়ে ঢুকি পোৱাৰে পৰা যিসমূহ মানৱ সভ্যতা ধ্বংসকাৰী যুদ্ধ-মহাযুদ্ধ সংঘটিত হৈছে, সেইসমূহৰ একমাত্ৰ কাৰণ সুখ-ভোগৰ লালসা ৷ এই লালসা পূৰণৰ বাবে ক্ষমতাশালী মানুহে শান্তিপ্ৰিয় ক্ষমতাহীন শ্ৰেণীৰ ওপৰত শোষণ আৰম্ভ কৰে ৷ যেতিয়াই শোষিত শ্ৰেণী অতিষ্ঠ হৈ ইয়াৰ প্ৰতিবাদ কৰিবলৈ লয় তেতিয়াই সৃষ্টি হয় সংঘাতৰ ৷ কোনো কোনো সময়ত এনে সংঘাতেই ৰূপ লয় মহাসমৰৰ আৰু কেতিয়াবা এই সংঘর্ষই এটা জাতিৰ গৌৰৱোজ্জ্বল ইতিহাস ৰচে ৷

"পথৰুঘাটৰ ৰণ" তেনে এক ইতিহাস (Battle of Patharughat) ৷ কৃষকৰ শোনিতেৰে ৰঞ্জিত ঐতিহাসিক ৰণথলী হৈছে দৰং জিলাৰ পথৰুঘাট (Farmers Martyrs Day of historic Patharughat) ৷ ১৮৯৪ চনৰ ২৮ জানুৱাৰীৰ কথা ৷ দূৰ-দূৰণিৰ গাঁৱলীয়া কৃষক ৰাইজে খাজনা বৃদ্ধিৰ প্ৰতিবাদত দৰং জিলাৰ ছিপাঝাৰ অঞ্চলৰ পথৰুঘাট নামৰ ঠাইখনত মিলিত হয় ৷ পৰৱৰ্তী সময়ত হিন্দু-মুছলমান কৃষকসকলে একেলগ হৈ ৰাইজমেল পাতি খেতিয়কৰ নাঙলে প্ৰতি লগোৱা অন্যায়ৰ খাজনা ব্ৰিটিছক কেতিয়াও নিদিয়ে বুলি সিদ্ধান্ত লয় ৷

কৃষক শ্বহীদ দিৱস

ইয়াৰোপৰি ৰাইজে জিলাধিপতি এণ্ডাৰশ্যন আৰু মহকুমাধিপতি বেৰিংটনৰ ওচৰত খাজনা বৃদ্ধিৰ প্ৰতিবাদ কৰে (Patharughator Rann) ৷ বেৰিংটনৰ নিৰ্দেশত পুলিচ বাহিনীয়ে জনতাক ছত্ৰভংগ দিয়াবলৈ লাঠীচালনা কৰে ৷ ৰাইজৰ মাজত উত্তেজনা বৃদ্ধি পোৱাত ব্ৰিটিছৰ অনুচৰ পুলিচ বাহিনীয়ে জনতাৰ ওপৰত গুলীবর্ষণ কৰে ৷ ৰাইজেও উত্তেজনাৰ বশৱর্তী হৈ বন্দুকৰ গুলীৰ প্ৰত্যুত্তৰ দিয়ে পথাৰৰ দলিচপৰা, কুঁহিয়া আৰু খৰি আদিৰে ৷ কিন্তু পুলিচৰ গুলীত ১৪০ জন কৃষকে প্ৰাণ দিয়াৰ লগতে চিৰদিনলৈ পংগু হয় বহুজন ৷

ব্ৰিটিছৰ শোষণ-বঞ্চনাৰ প্ৰতিবাদ কৰিবলৈ গৈ পথৰুঘাটতত সেইদিনা ১৪০ জন নিৰীহ কৃষক ছহিদ হয় (Patharughatar Rann of 1894) ৷ কিন্তু পথৰুঘাটৰ কৃষক ৰণ হিচাপে চিহ্নিত এই ঐতিহাসিক পথৰুঘাট আজিও অৱহেলিত । কৃষকৰ চৰম ত্যাগ আৰু আত্মবলিদানৰ সাক্ষী হৈ ৰ’ল পথৰুঘাট ৷

তেতিয়াৰে পৰা সেই স্থানতে প্ৰতিবছৰে ২৮ জানুৱাৰীৰ দিনটোত কৃষক শ্বহীদ দিৱস হিচাপে পালন কৰি আহিছে ৷ বৃটিছ সেনাৰ গুলিত নিহত হোৱা ৰাজ্যৰ কৃষকসকলৰ পৱিত্ৰ স্মৃতিত প্ৰতিবছৰে পালন কৰি আহিছে কৃষক শ্বহীদ দিৱস ৷ সেই উপলক্ষেই আজি দৰং জিলা প্ৰশাসনে দিনজোৰা কাৰ্যসূচীৰে পথৰুঘাট ঘাটত উদযাপন আৰম্ভ কৰিছে কৃষক ছহিদ দিৱস ৷ জানিব পৰা মতে এই দিৱসত উপস্থিত থাকিব ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷

লগতে পঢ়ক:BTR peace accord: বিটিআৰ চুক্তিৰ সকলো দফা কাৰ্যকৰী কৰাৰ আহ্বান বড়ো সংগঠনৰ

Last Updated : Jan 28, 2023, 10:57 AM IST

ABOUT THE AUTHOR

...view details