অসম

assam

ETV Bharat / state

উৎপাদিত শস্যৰ উপযুক্ত দাম নাপাই হতাশাত খাৰুপেটীয়াৰ কৃষক - খাটি খোৱা কৃষক

ক’ভিড-19 ৰ পৰিপ্ৰেক্ষিতত ৰাজ্যত আংশিক লক ডাউনৰ সমান্তৰালভাৱে প্ৰযোজ্য হৈ আছে সান্ধ্য আইন ৷ উৎপাদিত পাচলি উপযুক্ত দামত বিক্ৰী কৰিব লোৱাৰি হতাশাত খাৰুপেটীয়াৰ কৃষক ৷ পানীতকৈ কম দামত বিক্ৰী হৈছে কৃষকৰ উৎপাদিত শস্য ৷ মূৰে-কপালে হাত দিছে কৃষকে ৷

farmer-not-getting-proper-price-of-their-production
উৎপাদিত শস্যৰ উপযুক্ত দাম নাপাই হতাশাত খাৰুপেটীয়াৰ কৃষক

By

Published : May 21, 2021, 10:37 PM IST

দলগাঁও,২১ মে': এফালে যদি লক ডাউন, আনফালে আৰক্ষীৰ লাঠীৰ ভয় ৷ পাচলিৰ বজাৰত নাই ক্ৰেতা, নাই পাচলিৰ উপযুক্ত দাম ৷ আংশিক লক ডাউন আৰু আৰক্ষীৰ লাঠীৰ ভয়ত উৎপাদিত পাচলি বিক্ৰী কৰিব নোৱাৰি হতাশাত ভাগি পৰিছে খাৰুপেটীয়াৰ কৃষকসকল । উল্লেখ্য যে, চৰকাৰে ঘোষণা কৰা আংশিক লক ডাউন আৰু সান্ধ্য আইনত আটাইতকৈ বেছি লোকচানৰ সন্মুখীন হ’বলগীয়া হৈছে খাৰুপেটীয়াৰ কৃষকসকল ।

আংশিক লক ডাউনৰ ফলত বিভিন্ন জিলাৰ লগতে দৰঙৰ দলগাঁও সমষ্টিৰ কৃষকসকলৰ উৎপাদিত পাচলি চৰকাৰে বান্ধি দিয়া নিৰ্দিষ্ট সময়ৰ ভিতৰত বজাৰত বিক্ৰী কৰিব নোৱাৰি পেলাবলগীয়া হোৱাত কৃষকসকলে মূৰে-কপালে হাত দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে ।

বৰ্তমান খাৰুপেটীয়াৰ বালুগাঁও পাচলি বজাৰত পানীতকৈ কম দামত বিক্ৰী হৈছে কৃষকৰ উৎপাদিত বিলাহী, জিকা, ভোল, তিঁয়হ, ভেন্দী, বেঙেনা, কেৰেলা, জলকীয়া, স্কোৱাচ আদি পাচলিসমূহ ৷ এনে পৰিস্থতিত এইসকল খাটি খোৱা কৃষকৰ খবৰ ল’বলৈ আহৰি হ’বনে অসম চৰকাৰ তথা কৃষি বিভাগৰ, সেয়াহে অতিকৈ গুৰুত্বপূৰ্ণ বিষয় ৷

লগতে পঢ়ক :জালনোট প্ৰস্তুত কৰি আৰক্ষীৰ জালত প্ৰৱঞ্চক

ABOUT THE AUTHOR

...view details