অসম

assam

ETV Bharat / state

অন্যায়ৰ বিৰুদ্ধে মাত মাতি বিগত ছয় বছৰে এঘৰীয়া দৰঙৰ এটা পৰিয়াল - ৰুদ্ৰ বাহাদুৰ ছেত্ৰী দলগাঁও

সমাজৰ প্ৰভাৱশালী চক্ৰৰ অন্যায়ৰ বিৰুদ্ধে মাত মাতি ছয় বছৰে এঘৰীয়া হ'ল দলগাঁৱৰ এটা পৰিয়াল ৷ একবিংশ শতিকাত সমাজৰ পৰা এঘৰীয়া কৰাৰ দৰে মধ্যযুগীয় পন্থাৰ বলি হোৱা পৰিয়ালটোক এতিয়া প্ৰয়োজন উচিত ন্যায়ৰ ৷

অন্যায়ৰ বিৰুদ্ধে মাত মাতি বিগত ছয় বছৰে এঘৰীয়া দৰঙৰ এটা পৰিয়াল

By

Published : Sep 18, 2019, 4:26 PM IST

দলগাঁও, 18 চেপ্তেম্বৰঃদৰঙৰ দলগাঁৱত সভ্য সমাজক লজ্জানত কৰা অমানৱীয় কাণ্ড ৷ ধনবল আৰু বাহুবল প্ৰয়োগ কৰি ছয় বছৰ ধৰি সমাজৰ পৰা এঘৰীয়া কৰি ৰাখিলে অনাথ পৰিয়ালক ৷ সমাজৰ প্ৰভাৱশালী চক্ৰই কৰা অন্যায়ৰ বিৰুদ্ধে মাত মতাৰ বাবেই এনে শাস্তিৰ সন্মুখীন হ'ল পৰিয়ালটো ৷
দলগাঁৱৰ এই দুৰ্ভগীয়া পৰিয়ালটোৰ জ্যেষ্ঠ কন্যাই দিয়া অভিযোগ মতে, নিজৰ মাটিৰ প্ৰাপ্য ধন বিচাৰি দলগাঁও সমবায়ৰ সচিব ৰুদ্ৰ বাহাদুৰ ছেত্ৰী নাম লোক জনৰ বিৰুদ্ধে অভিযোগ দিছিল পৰিয়ালটোৱে ৷ তাৰ পাছতেই ৰুদ্ৰ বাহাদুৰ ছেত্ৰীয়ে গাঁৱৰ অন্য কেইজনমান ব্যক্তিৰ সহযোগত স্থানীয় মন্দিৰ প্ৰাংগনত সভা আয়োজন কৰি পৰিয়ালটোক এঘৰীয়া কৰাৰ কথা ঘোষণা কৰে ৷

অন্যায়ৰ বিৰুদ্ধে মাত মাতি বিগত ছয় বছৰে এঘৰীয়া দৰঙৰ এটা পৰিয়াল
ইয়াৰ পাছৰে পৰাই পূজা পাৰ্ৱণকে আদি কৰি সমাজৰ সকলো কামৰ পৰা বঞ্চিত কৰি ৰখা হৈছে পৰিয়ালটোক । তাৰোপৰি পৰিয়ালটোক সমবায়ৰ চাউল দিয়াৰ পৰাও বঞ্চিত কৰি ৰাখিছে ৷ আনকি বৃদ্ধ পিতৃ ঢুকোৱাৰ পাছতো সৎকাৰ কৰাৰ বাবে নাহিল গাঁৱৰ কোনো লোক ৷ ইফালে পৰিয়ালটোৰ ওপৰত চলা অমানৱীয় নিৰ্যাতন আৰু ভূমি বিবাদৰ ন্যায় বিচাৰি দলগাঁও থানাত পৰিয়ালে ১৯ টাকৈ গোচৰ দিয়াৰ পিছতো আজিলৈ আৰক্ষীয়ে লোৱা নাই কোনো ব্যৱস্থা ৷ চাৰি গৰাকী গাভৰু ছোৱালী থকা পৰিয়ালটোক এঘৰীয়া কৰাৰ ফলত এতিয়া বিবাহৰ ক্ষেত্ৰতো তেওঁলোকৰ সন্মুখত আহি পৰিছে বাধা ৷ একবিংশ শতিকাত সমাজৰ পৰা এঘৰীয়া কৰাৰ দৰে মধ্য যুগীয় পন্থাৰ বলি হোৱা পৰিয়ালটোক এতিয়া প্ৰয়োজন উচিত ন্যায়ৰ ৷ আৰক্ষী প্ৰশাসনে এই ক্ষেত্ৰত অতি শীঘ্ৰে গ্ৰহণ কৰক উচিত ব্যৱস্থা ৷

ABOUT THE AUTHOR

...view details