দলগাঁও,১২ জুন : ড্ৰাগছ তথা নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান অব্যাহত থকাৰ মাজতে দৰং জিলাত উদ্ধাৰ জাল নোট(fake currency) । খাৰুপেটীয়া আৰক্ষীয়ে বৃহস্পতিবাৰে নিশা অভিযান চলাই জাল নোটসহ চাৰিজন লোকক আটক কৰিবলৈ সক্ষম হয় । আনহাতে এই ঘটনাৰ সংক্ৰান্তত পুনৰ শুকুৰবাৰে নিশা আটক কৰে আন এজন যুৱকক ।
খাৰুপেটীয়াত জাল নোটসহ পুনৰ গ্ৰেপ্তাৰ এজন - খাৰুপেটীয়াত জাল নোটসহ পুনৰ গ্ৰেপ্তাৰ এজন
খাৰুপেটীয়াত যথেষ্ট পৰিমাণে জাল নোট উদ্ধাৰ কৰে আৰক্ষীয়ে । দুটা দিনৰ ভিতৰত ৫ জনকৈ লোকক আটক কৰাৰ লগতে যথেষ্ট পৰিমাণে জাল নোট আৰু চপা কৰা যন্ত্ৰ আদি উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষী ।
![খাৰুপেটীয়াত জাল নোটসহ পুনৰ গ্ৰেপ্তাৰ এজন fake currency](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-12110316-814-12110316-1623503648777.jpg)
খাৰুপেটীয়াত পুনৰ উদ্ধাৰ জাল নোট
ধৃত যুৱকজন বাৰৈপাৰা গাঁৱৰ ছাদ্দাম হুছেইন বুলি জানিব পৰা গৈছে । উল্লেখ্য যে খাৰুপেটীয়া আৰক্ষীয়ে বৃহস্পতিবাৰে নিশা অভিযান চলাই আটক কৰা আলী হুছেইন, আমিৰুল ইচলাম, ৰহুল আলী আৰু ইমানুল হকৰ স্বীকাৰোক্তিৰ ভিত্তিত আটক কৰা হয় ছাদ্দাম হুছেইক । ছাদ্দাম হুছেইনৰ পৰা আৰক্ষীৰ অভিযানকাৰী দলটোৱে নগদ ১৭,৫০০ টকাৰ জাল নোট জব্দ কৰিবলৈ সক্ষম হয় । ঘটনা সন্দৰ্ভত খাৰুপেটীয়া আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।