মঙলদৈ, 3 জুলাই : ৰাজ্যত সততে বিজেপি দলত বিভাজন হোৱাক লৈ বিভিন্ন প্ৰশ্ন উত্থাপিত হৈ আহিছে ৷ বিভিন্ন সময়ত প্ৰাক্তন বিজেপি নেতা কৰ্মীসকলে নতুন বিজেপিৰ কৰ্মীসকলে তেওঁলোকক অৱহেলা কৰাৰ অভিযোগ উত্থাপন কৰি আহিছে ৷ চৰকাৰে যিমানেই সম্প্ৰীতিৰ কথা নকওক কিয় পুৰণি বিজেপিৰ নেতা, কৰ্মীসকলক বৰ্তমানৰ বিজেপি নেতা কৰ্মীসকলে সভা সমিতিত নিমন্ত্ৰণ নকৰাৰ লগতে তেওঁলোকৰ লগত কোনোধৰণৰ যোগাযোগ নকৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈ আহিছে ৷
এইবাৰ সোমবাৰে দৰং জিলাত পুনৰ পুৰণি বিজেপি নেতা কৰ্মীসকলে নতুন বিজেপি কৰ্মীসকলৰ বিৰুদ্ধে ক্ষোভ উজাৰি এখন সভাৰ আয়োজন কৰে ৷ ক্ষুব্ধ পুৰণি বিজেপিৰ নেতা কৰ্মীসকলে সংবাদমাধ্যমৰ আগত কয় যে, এটা সময়ত ভাৰতীয় জনাত পাৰ্টিৰ ভেঁটি বনোৱা লোকসকলক বৰ্তমান সময়ত বিজেপিৰ কোনো সভা-সমিতিত মতা দূৰৰে কথা কোনেও খবৰো নলয় ৷ দৰং জিলাত এজন সাংসদ আৰু ছিপাঝাৰত এজন বিধায়ক থকাৰ স্বত্বেও পুৰণি কৰ্মীসকল আজিৰ সময়ত অৱহেলিত হৈ থাকিব লগীয়া হৈছে ৷ দলৰ বিৰোধিতা কৰি এই সভা আয়োজন কৰা হোৱা নাই, প্ৰাক্তন কৰ্মীসকলে এবাৰ মনৰ কথা পাতিবলৈ এই সভাখনৰ আয়োজন কৰা হৈছিল ৷