অসম

assam

ETV Bharat / state

গোৰেশ্বৰত বহু ভোটকেন্দ্ৰত EVM বিকল

বহু সময় শাৰী পাতি অতিষ্ঠ হৈ পৰে ভোটাৰ সকল । নিৰ্বাচনী বিষয়াই EVM সোনকালে ভাল হ’ব বুলি ৰাইজক ৰখাই থোৱাৰ অভিযোগ । বিকল হোৱা ভোটকেন্দ্ৰ সমূহত পৰিস্থিতি ভয়ানক হোৱা পৰিলক্ষিত হৈছে ।

By

Published : Apr 18, 2019, 11:41 AM IST

মঙলদৈ গোৰেশ্বৰত বহু ভোট কেন্দ্ৰত EVM বিকল

মঙলদৈ, 18 এপ্ৰিলঃ 8 নং মঙ্গলদৈ লোকসভা সমষ্টিৰ অন্তৰ্গত গোৰেশ্বৰ অঞ্চলৰ বহুকেইটা ভোট গ্ৰহণ কেন্দত ই ভি এম মেচিন বিকল । ভোট গ্ৰহণ কেন্দ্ৰত ভোটাৰৰ হাহাকাৰ ।

মঙলদৈ গোৰেশ্বৰত বহু ভোট কেন্দ্ৰত EVM বিকল

8 নং মঙ্গলদৈ লোকসভা সমষ্টিৰ অন্তৰ্গত গোৰেশ্বৰ অঞ্চলৰ বহুকেইটা ভোট গ্ৰহণ কেন্দত ই ভি এম মেচিন বিকল । 95 নং শিমিলা ভোট কেন্দ্ৰ, বাপুজী এমি স্কুলৰ ভোট কেন্দ্ৰ ,172 নং লখাইতৰা ,117 নং বেটনা হাইস্কুল,75 নং চেণীগাঁও এমি স্কুল ,100 নং শুক্লা হাইস্কুল ভোট গ্ৰহণ কেন্দ্ৰত আটাইকেইটা EVM বিকল হয় । ইভি এম বিকল হোৱাৰ পাচতেই ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতিৰ উদ্ভৱ হোৱা দেখা গৈছে । ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হোৱা কিছু সময়ৰ পিচতে বিকল হয় EVM বোৰ । বহু সময় শাৰী পাতি অতিষ্ঠ হৈ পৰে ভোটাৰ সকল । নিৰ্বাচনী বিষয়া ই ভি এম সোনকালে ভাল হব বুলি ৰাইজক ৰখাই থোৱাৰ অভিযোগ ।

ABOUT THE AUTHOR

...view details