দৰং, 6 নৱেম্বৰ : বিগত পোন্ধৰ বছৰে হাগ্ৰামা মহিলাৰী নেতৃত্বধীন বিপিএফ চৰকাৰে কেৱল শোষণৰ বাদে অন্য একো নকৰিলে ৷ যাৰ ফলত বিটিচি ৰাইজে সকলো ক্ষেত্ৰতে দুৰ্ভোগ ভুগি আহিছিল ৷ বিটিচি অঞ্চলৰ জনসাধাৰণে বিগত পোন্ধৰ বছৰে ভূমি অধিকাৰকে ধৰি বিভিন্ন অধিকাৰৰ পৰা বঞ্চিত হৈ আহিছে ৷ বিটিচিত ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ আহিলে সকলো জাতি-জনগোষ্ঠীয়ে ভূমি অধিকাৰ, সংস্থাপনৰ অধিকাৰকে ধৰি সকলো অধিকাৰ লাভ কৰিবলৈ সক্ষম হ'ব ৷ এই ভাষ্য অসম চৰকাৰৰ শিক্ষা, স্বাস্থ্য, গড়কাপ্তানি মন্ত্ৰী তথা নেডাৰ আহ্বায়ক ড0 হিমন্ত বিশ্ব শৰ্মাৰ ৷
আজি কলাইগাঁও মুদৈৱড়ীত এক নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি তেওঁ এই ভাষ্য প্ৰদান কৰে ৷ ভাষণ প্ৰসংগত মন্ত্ৰীগৰাকীয়ে আৰু উল্লেখ কৰে যে, বিগত পোন্ধৰ বছৰে বিটিচি জনসাধাৰণে টেঙা আম খালে ৷ এইবাৰ ইয়াৰ জনসাধাৰণে মিঠা আম খাবলৈ সক্ষম হ'ব ৷ কলাইগাঁও মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হোৱা সভাখনত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস, সাংসদদ্বয় দিলীপ শইকীয়া, পল্লৱলোচন দাস, মন্ত্ৰী ভৱেশ কলিতা, বিধায়কদ্বয় গুৰুজ্যোতি দাস, বিনন্দ শইকীয়া, ৰেখাৰাণী দাস বড়ো সহ কেইবাজনো নেতা উপস্থিত হৈ আগন্তুক পয়ত্ৰিছ নম্বৰ মুদৈবড়ী সমষ্টিৰ পৰা দিগন্ত বৰুৱাক ভোট দিবলৈ আহ্বান জনায় ৷