দৰং, 11 আগষ্ট :দলগাওঁ থানাৰ অন্তৰ্গত ধনশিৰিৰ কাষত এনকাউন্তাৰ । আৰক্ষীৰ গুলিত নিহত এটা দুধৰ্ষ ডকাইত । খাৰুপেটীয়া আৰক্ষীয়ে (Kharupetiya Police) দুধৰ্ষ ডকাইত আছা বাবুক মঙলবাৰে গ্ৰেপ্তাৰ কৰিছিল । নিশা 1.30 বজাত দলগাওঁ থানাৰ অন্তৰ্গত ধনশিৰিৰ কাষৰ নদীৰ পাৰত লুকুৱাই থোৱা পিষ্টল আৰক্ষীক দেখুৱাই দিবলৈ লৈ গৈছিল আছা বাবু ।
পুতি থোৱা গুলিভৰ্তি পিষ্টল হাতত লৈয়েই আৰক্ষীলৈ গুলিচলনা কৰাত প্ৰত্যুত্তৰত আৰক্ষীয়ে গুলিয়াবলৈ বাধ্য হয় ডকাইতজনক ৷ আৰক্ষীৰ গুলিত গুৰুতৰভাৱে আহত হয় দুধৰ্ষ ডকাইতজন । তাৰ পিছতেই আছা বাবুক মঙলদৈ অসামৰিক চিকিৎসালয়লৈ (Mangaldoi Civil Hospital) লৈ আহে যদিও আধা বাটতে মৃত্যু হয় আছা বাবুৰ ।
উল্লেখ্য যে, এই আছা বাবুৰ বিৰুদ্ধে অসমৰ বিভিন্ন থানাত আছে কেইবাটাও গোচৰ । চোৰ, ডকাইটি, অপহৰণ, এ টি এম চুৰি, হত্যা, গাড়ীচুৰি আদি বিভিন্ন গোচৰত অভিযুক্ত আছা বাবু ।
2014 চনৰ 29 আগষ্টত দৰং জিলাৰ জ্যেষ্ঠ অধিবক্তা বিনয় কুমাৰ ঘোষৰ হত্যাৰ মূল নায়ক আছিল আছা বাবু । মঙলদৈৰ মাজ মজিয়াত অধিবক্তাগৰাকীৰ ঘৰত ডকাইতি কৰি শেষত হত্যা কৰা হৈছিল ঘৰৰ গৰাকী বিনয় কুমাৰ ঘোষক । বিনয় কুমাৰ ঘোষৰ হত্যাকাণ্ডত জড়িত আছা বাবুই কেইমাহ মান কাৰাগাৰত থকাৰ পিছত জামিন লাভ কৰিছিল যদিও গোচৰ চলি আছিল । তাৰ পিছতো বিভিন্ন অপৰাধ চলাই গৈছিল আছা বাবুই ।