দৰং,27 জুন: ছিপাঝাৰৰ নিৰণছুবা গাঁৱৰ জেহেৰুল ইছলাম নামৰ এগৰাকী ব্যৱসায়ীয়ে প্ৰহাৰ কৰে বিদ্যুৎ বিভাগৰ কৰ্মচাৰীক৷ ব্যৱসায়ী গৰাকীয়ে ফাইজুদ্দীন আহমেদ আৰু তাইজুদ্দিন আহমেদ নামৰ দুগৰাকীকৈ বিদ্যুৎ বিভাগৰ কৰ্মচাৰীক কৰ্তব্যৰত অৱস্থাত প্ৰহাৰ কৰে৷ উল্লেখযোগ্য যে দীৰ্ঘদিন ধৰি অবৈধ বিদ্যুৎ সংযোগৰ দ্বাৰা বৰফৰ ফেক্টৰী চলাই আহিছিল জেহেৰুল ইছলাম নামৰ ব্যৱসায়ী গৰাকীয়ে৷ এই ফেক্টৰী পৰিদৰ্শন তথা ভিতৰত প্ৰৱেশ কৰিবলৈ লওঁতেই সৃষ্টি হয় এক উত্তপ্ত পৰিবেশৰ৷
কৰ্তব্যৰত অৱস্থাত প্ৰহাৰ বিদ্যুৎ বিভাগৰ কৰ্মচাৰীক - ETV BHARAT
আনহাতে এনেদৰে কৰ্তব্যৰত অৱস্থাত বিভাগীয় কৰ্মচাৰীক প্ৰহাৰ কৰা ঘটনা সন্দৰ্ভত স্থানীয় আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ছিপাঝাৰ বিদ্যুৎ বিভাগৰ উপ সংমণ্ডল বিষয়াই৷
কৰ্তব্যৰত অৱস্থাত প্ৰহাৰ বিদ্যুৎ বিভাগৰ কৰ্মচাৰীক
ফেক্টৰীটোৰ গৰাকী জেহেৰুল ইছলামে দুই কৰ্মচাৰীক প্ৰহাৰ কৰিবলৈ আৰম্ভ কৰে ৷ পিছত ছিপাঝাৰ বিদ্যুৎ সংমণ্ডলৰ কৰ্মচাৰীয়ে আৰক্ষীৰ সহায়ত ফেক্টৰীত ব্যৱহৃত সামগ্ৰী জব্দ কৰে৷ আনহাতে এনেদৰে কৰ্তব্যৰত অৱস্থাত বিভাগীয় কৰ্মচাৰীক প্ৰহাৰ কৰা ঘটনা সন্দৰ্ভত স্থানীয় আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ছিপাঝাৰ বিদ্যুৎ বিভাগৰ উপ সংমণ্ডল বিষয়াই৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে৷