মঙলদৈ, 27 জুন : মুষলধাৰ বৰষুণৰ পাচতেই ফেনে-ফুটুকাৰে বাঢ়ি অহা শাকতোলা নদীৰ পানীয়ে নিশাৰ ভিতৰতে চিঙি নিলে মঙলদৈ জলজলিৰ জলসম্পদ বিভাগৰ সোঁ পাৰৰ মথাউৰিটো ।
মঙলদৈত মুষলধাৰ বৰষুণে ছিঙি নিলে মথাউৰি - শাকতোলা নদীৰ পানীয়ে উটুৱাই নিলে জলজলিৰ জলসম্পদ বিভাগৰ সোঁ পাৰৰ মথাউৰিটো
মঙলদৈত নিশা মুষলধাৰ বৰষুণে চিঙি নিলে মথাউৰি ৷ শাকতোলা নদীৰ পানীয়ে উটুৱাই নিলে জলজলিৰ জলসম্পদ বিভাগৰ সোঁ পাৰৰ মথাউৰিটো ৷

মঙলদৈত মুষলধাৰ বৰষুণে ছিঙি নিলে মথাউৰি
মঙলদৈত মুষলধাৰ বৰষুণে ছিঙি নিলে মথাউৰি
ভূটানৰ পৰা নামি অহা শাকতোলা নদীৰ বানে ছিঙি নিয়া 20 ফুট অংশৰে বৰ্তমান হুৰাহুৰে পানী সোমাই আহিছে কাষৰীয়া অঞ্চলসমূহত । মঙলদৈ ৰাজহ চক্ৰৰ অন্তৰ্গত কেওত পাৰা,ডাহি নগাঁও,কৈকাৰা গাঁওকে আদি কৰি কেইবাখনো গাঁও বৰ্তমান প্লাবিত হৈ পৰিছে । বৰ্তমান আতংকত সময় পাৰ কৰা অঞ্চলটোৰ ৰাইজৰ বহু বিঘা খেতি মাটি বানত প্লাবিত হোৱাৰ লগতে ঘৰৰ পুখুৰী সমূহৰ মাছ ওলাই যোৱা বুলিও জানিবলৈ দিছে ৷
লগতে পঢ়ক : গোলাঘাটত পুনৰ বন্যহস্তীৰ ত্ৰাস