দলগাঁও, ১৯ নৱেম্বৰ :দলগাঁৱত শক্তি বিভাগৰ অভিযান ৷ খাৰুপেটীয়াৰ বিদ্যুৎ উপ সংমণ্ডলৰ বিষয়া সুমন দাসৰ নেতৃত্বত গুৱাহাটী পল্টন বজাৰ বিজুলী ভৱনৰ বিষয়া আৰু আৰক্ষীৰ সহযোগত বৃহস্পতিবাৰে চোৰাং কৈ বিদ্যুৎ সংযোগ কৰা বিভিন্ন বাণিজ্যিক প্ৰতিষ্ঠানৰ বিৰুদ্ধে দলগাঁৱৰ বিভিন্ন অঞ্চলত অভিযান চলায় ।
চোৰাং বিদ্যুৎ সংযোগৰ বিৰুদ্ধে শক্তি বিভাগৰ অভিযান - বিদ্যুৎ বিভাগৰ অভিযান
চোৰাং বিদ্যুৎ সংযোগৰ বিৰুদ্ধে দলগাঁৱত শক্তি বিভাগৰ অভিযান দলগাঁৱত । অভিযানত জব্দ কম্পিউটাৰ, ফ্ৰীজ , ফেন , ইনভেটাৰ আৰু মটৰ পাম্প আদি ।
illegal electricity connection
চোৰাং কৈ বিদ্যুৎ সংযোগ কৰা বুৰিগাঁও, শিয়ালমাৰী বজাৰ , কোনাকাটাপাৰা আদি ঠাইৰ ব্যৱসায়িক প্ৰতিষ্ঠান, ঘৰ আদিৰ পৰা ফ্ৰীজ, ফেন , ইনভাৰ্টাৰ, কম্পিউটাৰ আৰু মটৰ পাম্প জব্দ কৰাৰ লগতে বিদ্যুৎ সংযোগ কৰ্তন কৰি দিয়ে ।
লগতে পঢ়ক :অসম মটৰ ৱৰ্কাৰ্ছ ইউনিয়নৰ তীব্ৰ প্ৰতিবাদ