দলগাঁও, 28 আগষ্ট :প্ৰকৃতিৰ নিয়ম অনুসৰি ভাদৰ মাহে ইতিমধ্যে কঢ়িয়াই আনিছে শৰতৰ আগমনৰ বতৰা । শৰৎ বুলিয়েই মনলৈ আহে শাৰদীয় দুৰ্গোৎসৱৰ বতৰা । মন ভৰি পৰে প্ৰাচুৰ্য্যতাৰে । ইয়াৰ মাজতেই সমগ্ৰ দেশতে প্ৰাদুৰ্ভাৱ ঘটা কৰ'ণা মহামাৰীৰ বাবে অন্যান্য বছৰৰ দৰে এইবাৰ দেখা যোৱা নাই দুৰ্গোৎসৱৰ ব্যস্ততা,নাই আনন্দ উল্লাস ।
লগতে পঢ়ক :কামপুৰত কৃষক নেতা অখিল গগৈক কাৰামুক্ত কৰিবলৈ পুঁজি সংগ্ৰহ
বছৰৰ অতি ব্যস্ততাপূৰ্ণ সময়খিনিতে হা-হুমুনিয়াহ কাঢ়ি দিন পাৰ কৰা খাৰুপেটীয়াৰ মহানন্দ পাল নামৰ এগৰাকী মৃৎশিল্পীয়ে কয় যে, 'প্ৰতিবছৰে এই সময়খিনিত পৰিয়ালসহ প্ৰতিমা নিৰ্মাণত ব্যস্ত থাকো যদিও এইবাৰ নাই দুৰ্গোৎসৱৰ ব্যস্ততা । প্ৰতি বছৰে কেইবাটাও দুৰ্গাৰ প্ৰতিমা নিৰ্মাণ কৰি আৰ্থিকভাৱে কিছু উপাৰ্জন কৰিবলৈ সক্ষম হৈছিলো যদিও এইবাৰ মাত্ৰ এটা প্ৰতিমা নিৰ্মাণৰ অৰ্ডাৰহে পাইছো । কৰ'ণা মহামাৰীৰ বাবে বিগত ছমাহ ধৰি অনুষ্ঠিত হোৱা নাই কোনোধৰণৰ উৎসৱ-পাৰ্বন । আন আন উৎসৱ-পাৰ্বনৰ দৰে দুৰ্গোৎসৱৰ সকলো আনন্দ উন্মাদনা ম্লান কৰি পেলালে মহামাৰীৰ ৰূপত অহা কৰ'ণাই । হয়তো জাক জমকতাৰে এইবাৰ অনুষ্টিত নহয় দুৰ্গোৎসৱ, যাৰ বাবেই আমাৰ নাই ব্যস্ততা ।'