দলগাঁও, ২৯ আগষ্টঃ দৰঙৰ খাৰুপেটীয়াত বুধবাৰে নিশা আৰক্ষীয়ে নিচা জাতীয় দ্ৰব্যসহ গ্ৰেপ্তাৰ কৰে এজন যুৱকক । গ্ৰেপ্তাৰ কৰা ব্যক্তিজনৰ পৰা জব্দ কৰে 6 টাকৈ নিষিদ্ধ নিচা জাতীয় কফ চিৰাপ ৷ খাৰুপেটীয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিৰাজ মোহন ডেকাই গোপন সূত্ৰৰ ভিত্তিতে "ৰিচান মটৰ পাৰ্টছ" নামৰ গাড়ীৰ সামগ্ৰী বিক্ৰী কৰা দোকানৰ পৰা হাফিজুৰ ৰহমান ওৰফে মুন্নাক গ্ৰেপ্তাৰ কৰে ৷
খাৰুপেটীয়া আৰক্ষীৰ অভিযানত দুধর্ষ ড্ৰাগছ ব্যৱসায়ী গ্ৰেপ্তাৰ - হাফিজুৰ ৰহমান
বুধবাৰে নিশা খাৰুপেটীয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিৰাজ মোহন ডেকাই এক গোপন সূত্ৰৰ পম খেদি খাৰুপেটীয়া হাস্পতাল ৰ’ডৰ সমীপত ৰিচান মটৰ পাৰ্টছ নামৰ গাড়ীৰ সামগ্ৰী বিক্ৰী কৰা এখন দোকানৰ পৰা নিষিদ্ধ নিচা জাতীয় ক’ফ চিৰাপৰ বটলৰ লগতে অভিযুক্ত হাফিজুৰ ৰহমান ওৰফে মুন্নাক গ্ৰেপ্তাৰ কৰে ৷

খাৰুপেটীয়াত জব্দ নিষিদ্ধ কফ চিৰাপঃ আটক 1
উল্লেখযোগ্য যে, বহুদিন ধৰি অতি চতুৰালিৰে নিষিদ্ধ কফ চিৰাপৰ ব্যৱসায় চলাই আহিছিল অভিযুক্ত হাফিজুৰে ৰহমান নামৰ যুৱকজনে । সম্প্ৰতি খাৰুপেটীয়া থানাত ৩৫২/১৯ নম্বৰত এক গোচৰ পঞ্জীয়ন কৰি জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ।