দলগাঁও, 31 জুলাই : ৰাজ্যত ক'ভিড-19 আৰু বানপানীৰ তাণ্ডৱ অব্যাহত থকাৰ মাজতে শুকুৰবাৰে দৰং জিলাত বৃহৎ পৰিমাণৰ কফ চিৰাপ জব্দ কৰিবলৈ সক্ষম হয় ৷ দৰং আৰক্ষীৰ অধীক্ষকৰ নিৰ্দেশ মৰ্মে দৰঙৰ খাৰুপেটীয়াৰ নাগাজানত চলোৱা এক যুটীয়া অভিযানত অবৈধ ড্ৰাগছখিনি জব্দ কৰিবলৈ সক্ষম হয় ৷ খাৰুপেটীয়া আৰু ধূলা আৰক্ষীৰ যুটীয়া অভিযানত জব্দ কৰা হয় বৃহৎ পৰিমাণৰ নিষিদ্ধ সামগ্ৰীখিনি ৷
লগতে, উক্ত অভিযানত আৰক্ষীয়ে দুগৰাকী লোকক আটক কৰিবলৈ সক্ষম হৈছে ৷ আটকাধীন লোক দুজন পানবাৰীৰ চহিদুল ইছলাম আৰু ঢলপুৰৰ ইনচান আলী বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে ৷