দলগাঁও,৭ জুন:লংকাৰ উদালীৰ চিকিৎসকৰ ওপৰত আক্ৰমণ কৰাৰ ঘটনা মাৰ নৌযাওঁতেই পুনৰ চিকিৎসকক অপদস্থ কৰাৰ অভিযোগ উত্থাপন হৈছে দৰঙৰ খাৰুপেটিয়াত । চিকিৎসা প্ৰদান কৰাত সামান্য পলম হোৱাৰ বাবে শাৰীৰিকভাৱে অপদস্থ হ'ল পত্নীসহ চিকিৎসক । এই অভিযোগ উত্থাপিত হৈছে দৰং জিলা যুৱ কংগ্ৰেছৰ এগৰাকী যুৱনেতাৰ বিৰুদ্ধে ।
অভিযোগ মতে, খাৰুপেটিয়াৰ নিমতলীস্থিত "আফ্ৰিন হেল্থ কেয়াৰ চেণ্টাৰত" ৰোগী চাই থকা অৱস্থাত জিলা যুৱ কংগ্ৰেছৰ নেতা ৰাহুল আমিনৰ লগতে এগৰাকী যুৱতী চিকিৎসাৰ বাবে উপস্থিত হয় ৷ চিকিৎসক গৰাকীয়ে ৰোগী চাই থকাৰ বাবে দুয়োকে অলপ অপেক্ষা কৰিবলৈ কয় । চিকিৎসা প্ৰদানত অলপ পলম হোৱাৰ বাবে চিকিৎসকগৰাকীক যুৱ কংগ্ৰেছী ৰাহুল আমিনে অশ্লীল গালি-গালাজ পৰাৰ লগতে শাৰীৰিকভাৱে অপদস্থ কৰে ৷