অসম

assam

ETV Bharat / state

দৰঙত এজন চিকিৎসকে পৰিচালনা কৰিছে চৰকাৰী চিকিৎসালয় - Darrang

দৰঙৰ দলগাঁৱত চিকিৎসকৰ অভাৱত হাহাকাৰ ৰোগীৰ ৷ মাত্ৰ এজন চিকিৎসকৰ ওপৰত নিৰ্ভৰ তিনি শতাধিক ৰোগী ৷

দৰঙত এজন চিকিৎসকে পৰিচালনা কৰিছে চৰকাৰী চিকিৎসালয়

By

Published : Aug 9, 2019, 7:55 PM IST

দলগাওঁ, 9 আগষ্টঃ দলগাঁওৰ ৰাজ্যিক চিকিৎসালয়ত প্ৰয়োজনীয় চিকিৎসকৰ সংখ্যাৰ অভাৱৰ বাবে ৰোগীৰ মাজত হাহাকাৰ পৰিস্থিতিৰ উদ্ভৱ হৈছে ৷ ৰাজ্যিক স্বাস্থ্য বিভাগৰ চৰম অমনোযোগিতা তথা হেমাহিৰ বাবে জনবসতি প্ৰধান অঞ্চলটোৰ একমাত্ৰ দলগাঁও ৰাজ্যিক চিকিৎসালয়খন দীৰ্ঘদিন ধৰি চলি আছে এজন চিকিৎসকৰ দ্বাৰা ৷ বহু দিনৰ পৰা অঞ্চলটোৰ ৰাইজে অভিজ্ঞ চিকিৎসক এজনক চিকিৎসালয় খনৰ দায়িত্বত দিবলৈ দৰং জিলাৰ স্বাস্থ্য বিভাগক দাবী জনাই আহিছিল যদিও আজি প্ৰায় সাত বছৰৰ পৰা আয়ুৰ্বেদিক চিকিৎসক এজনক চিকিৎসালয়খনৰ দায়িত্বত নিয়োজিত কৰাত সমস্যাত ভুগিছে ৰোগী সকল। পুৱা সাত বজাৰ পৰা শাৰী পাতি থকা ৰোগীসকলে নিতৌ বহু সময় ধৰি চিকিৎসকৰ বাবে অপেক্ষা কৰি ঘৰলৈ উভতি যাবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে ।

দৰঙত এজন চিকিৎসকে পৰিচালনা কৰিছে চৰকাৰী চিকিৎসালয়

ABOUT THE AUTHOR

...view details