দলগাঁও, ২০ মে’ : মঙলবাৰে নিশা দৰঙৰ শ্যামপুৰ থানাৰ অন্তৰ্গত ৪নং শ্যামপুৰ গাঁৱৰ মুক্তাৰ আলী নামৰ এগৰাকী কাপোৰৰ দোকানীৰ ঘৰত সংঘটিত হৈছিল এক ডকাইতি কাণ্ড ৷ এই ডকাইতি কাণ্ডত জড়িত থকা সাত জনীয়া এটা দলৰ তিনি জনক আটক কৰিছে আৰক্ষীয়ে ৷ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক উজ্জ্বল বৰুৱাই শ্যামপুৰ আৰক্ষীৰ সহযোগত অভিযান চলাই তিনি ডকাইতক গ্ৰেপ্তাৰ কৰাৰ লগতে দুটা হস্ত নিৰ্মিত পিস্তল আৰু লুটি নিয়া আ-অলংকাৰ আদি উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
গ্ৰেপ্তাৰ কৰা ডকাইত তিনিকেইটা ক্ৰমে বক্কৰ আলী, হামিদ আলী আৰু মতিউৰ ৰহমান বুলি জানিব পৰা গৈছে । উল্লেখ্য যে, ১৮ মে'ৰ নিশা সাত জনীয়া ডকাইতৰ দলটোৱে নগদ ৬৫ হাজাৰ টকা, দুটা মোবাইল ফোনৰ লগতে ৭০ হাজাৰ টকাৰ সোণ ৰূপৰ গহনা আদি লুটি নিছিল ।