মঙলদৈ,৯ জানুৱাৰী: দেওবাৰে সৰাবাৰীত অনুষ্ঠিত হয় দৰং জিলা সাহিত্য সভাৰ অধিৱেশনখন । অধিৱেশনত অংশগ্ৰহণ কৰে কেইবাগৰাকীও বিশিষ্ট লেখক তথা সাহিত্যিকে(District Sahitya Sabha Session observed in Darrang) । অধিৱেশনখনিত উপস্থিত থাকে অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক উপেন্দজিৎ শৰ্মা, বিশিষ্ট লেখক, নাট্যকাৰ ৰজনীকান্ত নাথ, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা বিধায়ক ড৹ পৰমানন্দ ৰাজবংশীকে আদি কৰি ভালে সংখ্যক গণ্যমান্য ব্যক্তি ।
সৰাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰৰ ভৱকান্ত মহন্ত আৰু নিৰু মহন্ত সোঁৱৰণী ক্ষেত্ৰত অনুস্থিত দৰং জিলা সাহিত্য সভাৰ মুকলি সভাত অভিভাষণ পাঠ কৰে বিশিষ্ট লেখক, নাট্যকাৰ ৰজনীকান্ত নাথে । সভাখনিৰ আঁত ধৰে দৰং জিলা সাহিত্য সভাৰ বিদায়ী সম্পাদক গৌতমানন্দ গোস্বামী আৰু শাখা সভাৰ সম্পাদক ভদ্ৰকান্ত কলিতাই । সভাত দৰং সাহিত্য সভাৰ স্মৰণিকাখন উন্মোচন কৰে অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক উপেন্দ্ৰজিৎ শৰ্মাই ।
স্মৰণিকাখনি উন্মোচন কৰি প্ৰধান সম্পাদকগৰাকী প্ৰদান কৰা ভাষণ প্ৰসংগত কয় যে, অসম সাহিত্য সভা অসমীয়া ৰাইজৰ হিয়াৰ আমঠু । কিন্তু অসম সাহিত্য সভাক হকে বিহকে কিছুমান লোকে সমালোচনা কৰে(Assam Sahitya Sabha in crisis) । পূৰ্বতে সাহিত্য সভাৰ কাৰ্যালয় আছিলে মাত্ৰ এটা আৰু আজি ১০ টা কাৰ্যালয় হৈছেগৈ(Assam Sahitya Sabha office) । লগতে তেওঁ অসম সাহিত্য সভাৰ কৰ্মচাৰীসকলে দৰমহা বিচাৰি প্ৰতিবাদত বহিবলগীয়া হোৱা প্ৰসংগও উল্লেখ কৰে ভাষণত ।