অসম

assam

Road Safety awareness: যুৱপ্ৰজন্মৰ মাজত সজাগতা সৃষ্টিৰ হকে দৰঙত পথ সুৰক্ষা সভা

By ETV Bharat Assamese Team

Published : Sep 1, 2023, 7:44 AM IST

পথ দুৰ্ঘটনা ৰোধৰ লগতে যুৱপ্ৰজন্মৰ মাজত ইয়াৰ সজাগতা সৃষ্টিৰ বাবে জিলা পথ সুৰক্ষা সমিতিয়ে দৰঙৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত এখন বিশেষ সভাৰ আয়োজন কৰে ৷ এই সভাত সভাপতিত্বত কৰে জিলা আয়ুক্ত মুনীন্দ্ৰ নাথ ঙাটে ৷

District Road Safety Committee meeting held in Darrang
দৰঙত জিলা পথ সুৰক্ষা সমিতিৰ সভা

মঙলদৈ, 1 ছেপ্তেম্বৰ : বৃহস্পতিবাৰে দৰঙৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত জিলা পথ সুৰক্ষা সমিতিৰ এখন সভা অনুষ্ঠিত কৰা হয় । জিলা আয়ুক্ত মুনীন্দ্ৰ নাথ ঙাটেৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত জিলাখনৰ পথ সুৰক্ষা আৰু পথ দুৰ্ঘটনা ৰোধ কৰা সম্পৰ্কে বিস্তৃতভাৱে আলোচনা কৰা হয় । এই সভাত পথ দুৰ্ঘটনা ৰোধ কৰাৰ বাবে যুৱপ্ৰজন্মৰ মাজত সজাগতা সৃষ্টিৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হয় ।

জিলা পৰিবহন বিষয়াগৰাকীয়ে ইতিমধ্যে বাটৰ নাট আদিৰ জৰিয়তেও সজাগতা সৃষ্টিৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি সভাত উপস্থিত ৰাইজক অৱগত কৰে । জিলা আয়ুক্তগৰাকীয়ে এই সজাগতা ব্যাপক হাৰত বৃদ্ধিৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে ।

জিলা আয়ুক্ত মুনীন্দ্ৰ নাথ ঙাটেয়ে এই সভাত উপস্থিত থকা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ প্ৰতিনিধি বিষয়াকেইগৰাকীক জিলাখনৰ মাজেৰে যোৱা ৰাষ্ট্ৰীয় ঘাইপথৰ বিভিন্ন স্থানত হোৱা গাঁতসমূহৰ সমস্যা আঁতৰোৱাৰ বাবে ক্ষীপ্ৰতাৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ কয় । এই ক্ষেত্ৰত কাম কিছুদূৰ আগবাঢ়িছে যদিও বাকী থকা কামখিনি শীঘ্ৰে সম্পূৰ্ণ কৰাৰ ওপৰত তেওঁ গুৰুত্ব আৰোপ কৰে ।

মঙলদৈৰ ট্ৰেফিক ছিগনেলসমূহত প্ৰয়োজনীয় লাইট, কৰ্তব্যৰত যান-বাহন আৰক্ষীৰ বাবে উপযুক্ত শ্বেদ নিৰ্মাণৰ কাম-কাজৰ অগ্ৰগতিৰ বিষয়েও এই সভাত পৰ্যালোচনা কৰা হয় । ইফালে মঙলদৈ চহৰত ই-ৰিক্সাই সৃষ্টি কৰা সমস্যাৰ বিষয়ে সভাত গুৰুত্ব সহকাৰে আলোচনা কৰা হয় ।

জিলা আয়ুক্তগৰাকীয়ে মঙলদৈ পৌৰসভা আৰু ই-ৰিক্সা চালকৰ সংগঠনৰ লগতে সংশ্লিষ্ট সকলোৰে সৈতে আলোচনা কৰি প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ জিলা পৰিবহন বিষয়াক নিৰ্দেশ দিয়ে । ঐতিহ্যমণ্ডিত খটৰা সত্ৰত আগন্তুক পাচেতি উৎসৱৰ সময়ত যাতায়তৰ সু-ব্যৱস্থা তথা যান-বাহনৰ নিয়ন্ত্ৰণৰ উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈও জিলা আয়ুক্তগৰাকীয়ে নিৰ্দেশ দিয়ে ।

এই সভাত পথ সুৰক্ষাৰ সৈতে জড়িত বিভিন্ন বিভাগৰ বিষয়াসকলৰ লগতে যান-বাহন, পৰিবহনৰ বিভিন্ন সংস্থা-সমিতি আৰু সামাজিক অনুষ্ঠানৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক :Assam Cabinet: গ্ৰামাঞ্চলত বিজুলী সংযোগৰ বাবে চৰকাৰে 112 কোটি অনুমোদন কেন্দ্ৰৰ

ABOUT THE AUTHOR

...view details