অসম

assam

ETV Bharat / state

জলজলীত শিশু-মইনাৰ কল-কলনিৰে আৰম্ভ ষষ্ঠদশ দ্বি-বাৰ্ষিক মঙলদৈ জিলা শিশু সমাৰোহ - ষষ্ঠদশ দ্বি-বাৰ্ষিক মঙলদৈ জিলা শিশু সমাৰোহ

সাংস্কৃতিক শোভাযাত্ৰাত দৰঙৰ বিভিন্ন কৃষ্টি সংস্কৃতি উপস্থাপন বিভিন্ন শাখা মইনা পাৰিজাতৰ

জলজলীত শিশু-মইনাৰ কলকলনিৰে আৰম্ভ ষষ্ঠদশ দ্বি-বাৰ্ষিক মঙলদৈ জিলা শিশু সমাৰোহ

By

Published : Mar 4, 2019, 4:32 AM IST

Updated : Mar 4, 2019, 6:30 AM IST

জলজলীত শিশু-মইনাৰ কলকলনিৰে আৰম্ভ ষষ্ঠদশ দ্বি-বাৰ্ষিক মঙলদৈ জিলা শিশু সমাৰোহ

মঙলদৈ, ৪ মাৰ্চ : মঙলদৈৰ জলজলীত শিশু-মইনাৰ কলকলনিৰে আৰম্ভ হয় ষষ্ঠদশ দ্বি-বাৰ্ষিক মঙলদৈ জিলা শিশু সমাৰোহ । ৰবিবাৰে পুৱাই পতাকা উত্তোলনেৰে আৰম্ভ হয় মঙলদৈ জিলা মইনা পাৰিজাতৰ জলজলী শিশু সমাৰোহ ৷ পুৱা ১০ বজাত অনুস্থিত হোৱা সাংস্কৃতিক শোভাযাত্ৰা প্ৰতিযোগিতাত দৰঙৰ বিভিন্ন কৃষ্টি সংস্কৃতি উপস্থাপন কৰে জিলাখনৰ মইনা পাৰিজাতৰ বিভিন্ন শাখা সমুহে ৷ দিনৰ ১ বজাত অনুষ্ঠিত হোৱা বঁটা বিতৰণী তথা মুকলি সভাত সভাপতিত্ব কৰে নবোদয় মইনা পাৰিজাতৰ মইনা বিদিশা শইকীয়াই লগতে অনুষ্ঠানটো উদ্বোধন কৰে নৱজ্যোতি মইনা পাৰিজাতৰ মইনা দিশান্ত ডেকাই ৷ সভাত শিশু বক্তা ৰূপে অংশ গ্ৰহণ কৰে আশা বড়া, নিষ্ঠা নন্দিনী, উপাসনা গোস্বামী, নিশিতা ডেকা আৰু মেঘৰঞ্জন নাথে ৷ অনুষ্ঠানটোত মঙলদৈৰ বিধায়ক গুৰুজ্যোতি দাস মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ উপৰিও নিদিষ্ট বক্তা হিচাপে উপস্থিত থাকে সদৌ অসম মইনা পাৰিজাতৰ সম্পাদক ৰাতুল বৰা, বিশিষ্ট অতিথি ড. শ্যামল প্ৰসাদ শইকীয়া আৰু সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰে সদৌ অসম মইনা পাৰিজাতৰ উপদেষ্টা জিতেন ভাগৱতী আৰু দৰং জিলা সাহিত্য সভাৰ সভাপতি ড. ৰামচন্দ্ৰ ডেকাই ৷

Last Updated : Mar 4, 2019, 6:30 AM IST

ABOUT THE AUTHOR

...view details