মঙলদৈ, ১৬ জানুৱাৰী : মঙলবাৰে অসম চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা, জলসিঞ্চন মন্ত্ৰী অশোক সিংহলে মঙলদৈত ৯৭৯৫ খন নতুন ৰেচন কাৰ্ড বিতৰণ কৰে ৷ এই উপলক্ষে আয়োজিত অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকি মন্ত্ৰীগৰাকীয়ে কয় যে, বৰ্তমানৰ চৰকাৰে সমাজৰ দৰিদ্ৰ লোকসকলৰ উন্নয়নৰ বাবে অবিৰতভাৱে কাম কৰি আছে । চৰকাৰৰ বিভিন্ন পদক্ষেপৰ ফলত ৰাজ্যখনৰ দৰিদ্ৰ লোকসকলৰ অৱস্থাৰ পৰিৱৰ্তন সাধন হৈছে ।
মন্ত্ৰীগৰাকীয়ে লগতে কয় যে, আজিৰে পৰা ৰাজ্যখনৰ বিভিন্ন বিধানসভা সমষ্টিত নতুন ৰেচন কাৰ্ড বিতৰণ চৰকাৰৰ এনে পদক্ষেপৰ উদাহৰণ । অন্ত্যোদয়া অন্ন যোজনাৰ ৰেচন কাৰ্ডপ্ৰাপ্ত পৰিয়ালে প্ৰতিমাহে ১-১০ তাৰিখৰ ভিতৰত বিনামূলীয়া চাউল লাভ কৰে । নতুন ৰেচন কাৰ্ডপ্ৰাপ্ত সকলো হিতাধিকাৰীয়ে চলিত জানুৱাৰী মাহৰ পৰাই এই সুবিধা লাভ কৰিব । ৰেচন কাৰ্ডপ্ৰাপ্ত পৰিয়ালসমূহে আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা আৰু আয়ুষ্মান অসম মুখ্যমন্ত্ৰী জন আৰোগ্য যোজনাৰ অধীনত আয়ুষ্মান কাৰ্ডৰ জৰিয়তে বছৰি পাঁচ লাখ টকালৈকে বিনামূলীয়া চিকিৎসাৰ সুবিধা লাভ কৰিব ।
ৰেচন কাৰ্ড বিতৰণ অনুষ্ঠান দৰিদ্ৰ লোকৰ সহায়ৰ বাবে চৰকাৰে বিনামূলীয়া চাউলৰ পৰা বিনামূলীয়া গেছ চিলিণ্ডাৰলৈকে সকলো সুবিধা প্ৰদানৰ ব্যৱস্থা কৰিছে । সমাজৰ সকলো শ্ৰেণীৰ লোকেই যাতে ন্যায় লাভ কৰে তাৰ প্ৰতি চৰকাৰে দৃষ্টি ৰাখিছে বুলি তেওঁ মন্তব্য কৰে । মন্ত্ৰীগৰাকীয়ে তেওঁৰ ভাষণত কয় যে, স্বাস্থ্যখণ্ডৰ পৰা নাৰী সবলীকৰণলৈকে সকলো ক্ষেত্ৰতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে গ্ৰহণ কৰা আঁচনি আৰু পদক্ষেপৰ সুফল ৰাইজে লাভ কৰিছে । মহিলা আত্মসহায়ক গোটৰ সদস্যাসকললৈ ১০ হাজাৰ টকাকৈ অনুদান আগবঢ়োৱাৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থাৰ কথাও মন্ত্ৰীগৰাকীয়ে তেওঁৰ ভাষণত উল্লেখ কৰে ।
ৰেচন কাৰ্ড বিতৰণ অনুষ্ঠান আজিৰ অনুষ্ঠানত ভাষণ প্ৰদান কৰি মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই বৰ্তমানৰ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ শাসনকালত দৰং জিলাৰ বিভিন্ন ক্ষেত্ৰৰ চমকপ্ৰদ উন্নয়নৰ কথা উল্লেখ কৰে । এই প্ৰসংগত তেওঁ দক্ষতা বিশ্ববিদ্যালয়ৰ, মঙলদৈ বাইপাছ, চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ আদি নিৰ্মাণৰ বাবে চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থাৰ বিষয়ে উল্লেখ কৰে । তেওঁ লগতে কয় যে, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ ৰাজ্য চৰকাৰৰ কাৰ্যকালত সমাজৰ সকলো শ্ৰেণীৰ লোকৰ অৱস্থাৰ উন্নয়ন সাধন হৈছে । আজিৰ অনুষ্ঠানত অসম ৰাজ্যিক মীন উন্নয়ন নিগমৰ অধ্যক্ষ গুৰুজ্যোতি দাসেও ভাষণ প্ৰদান কৰে । অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰে দৰঙৰ জিলা আয়ুক্ত মুনীন্দ্ৰ নাথ ঙাটেয়ে । উল্লেখ্য যে, অহা ১৯ জানুৱাৰীত দলগাঁও বিধানসভা সমষ্টি আৰু ২৩ জানুৱাৰীত ছিপাঝাৰ বিধানসভা সমষ্টিত নতুন ৰেচন কাৰ্ড বিতৰণ অনুষ্ঠান অনুষ্ঠিত হ’ব ।
লগতে পঢ়ক :মুছলপুৰত ৮৯৫৬ গৰাকী হিতাধিকাৰীক ৰেচন কাৰ্ড বিতৰণ