অসম

assam

ETV Bharat / state

দিপাৱলীৰ নিশা পোহৰৰে উদ্ভাসিত কৰিবলৈ ব্যস্ত মৃণ্ময় শিল্পী - মা

এই সম্পৰ্কত খাৰুপেটীয়াৰ এগৰাকী মৃৎ শিল্পীয়ে কয় যে, আমি কামৰূপ জিলাৰ পৰা অধিক দামত মাটি ক্ৰয় কৰি অত্যাধিক হাৰত ভাৰা দি মাটি আনি এই সামগ্ৰীসমূহ প্ৰস্তুত কৰে যদিও চীনত নিৰ্মিত চাইনা লাইটৰ বাবে মাটিৰ চাকিৰ চাহিদা লাহে লাহে কমিবলৈ ধৰিছে ।

মৃণ্ময় শিল্পীৰ ব্য়স্ততা

By

Published : Oct 22, 2019, 12:04 PM IST

Updated : Oct 22, 2019, 12:10 PM IST

ওদালগুৰি, খাৰুপেটীয়া, 22 অক্টোবৰঃদুৰ্গোৎসৱ আৰু লক্ষী পূজাৰ পিছত এইবাৰ মৃৎ শিল্পী সকল ব্যস্তহৈ পৰিছে কালীপূজা অৰ্থাৎ পোহৰৰ উৎসৱ দীপান্বিতাৰ চাকি বনোৱাত । দীপাৱলীলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকাৰ পৰিপেক্ষিতত ৰাজ্যজুৰি মৃৎশিল্পী সকলৰ বৃদ্ধি পাইছে ব্যাপক তৎপৰতা । দিন ৰাতি একাকাৰ কৰি পুৰুষ মহিলা সকলো মাটিৰ চাকি বনোৱাত ব্যস্ত হৈ পৰিছে যদিও ৰং-বিৰঙী চীনত নিৰ্মিত লাইটে চাহিদা কমাইছে মাটিৰ চাকিৰ । যাৰ বাবে দূৰ দূৰণিৰ পৰা মাটি ক্ৰয় কৰি আনি প্ৰস্তুত কৰা প্ৰতিটো মাটিৰ চাকি বজাৰত বিক্ৰী কৰিব লগা হৈছে ৪০/ ৫০ পইচা দৰত ৷

মাটিৰ পাত্ৰ নিৰ্মানত ব্যস্ত কুমাৰ

ফলত আৰ্থিক দৈনতাৰ সন্মুখীন হৈছে মৃৎশিল্পী সকল । এই সম্পৰ্কত খাৰুপেটীয়াৰ এগৰাকী মৃৎশিল্পীয়ে কয় যে, আমি কামৰূপ জিলাৰ পৰা অধিক দামত মাটি ক্ৰয় কৰি অত্যাধিক হাৰত ভাৰা দি মাটি আনি এই সামগ্ৰীসমূহ প্ৰস্তুত কৰো যদিও চীনত নিৰ্মিত লাইটৰ বাবে মাটিৰ চাকিৰ চাহিদা লাহে লাহে কমিবলৈ ধৰিছে । বহু পৰিয়ালে এই পৰম্পৰাগত মাটিৰ চাকিৰ ব্যৱহাৰ বন্ধ কৰি দিছে । যদি চৰকাৰে চীনত নিৰ্মিত এই ৰং বিৰঙী লাইট সমূহ বন্ধ কৰাৰ ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে এটা সময়ত মাটিৰ চাকিৰ পৰম্পৰা হয়তো বন্ধ হৈ পৰিব ।

মাটিৰ চাকি
Last Updated : Oct 22, 2019, 12:10 PM IST

ABOUT THE AUTHOR

...view details