দৰং 21 অক্টোবৰ :"মাদ্ৰাছাও থাকিব লাগিব, লগতে থাকিব লাগিব সংস্কৃত টোলো " এই মন্তব্য আছুৰ সভাপতি দীপাংক নাথৰ ৷ চৰকাৰে মাদ্ৰাছা বন্ধ কৰা প্ৰসংগত সাংসদ দিলীপ শইকীয়াই কৰা বিস্ফোৰক মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ আছুৰ সভাপতি দীপাংক নাথৰ । মাদ্ৰাছাত কেৱল ধৰ্মীয় শিক্ষাই নহয়,ইয়াত সকলো বিষয়ৰ পাঠদান কৰা হয় । অসমৰ সাহিত্য় সংস্কৃতিৰ লগত মাদ্ৰাছাৰ সম্পৰ্ক পূৰ্বৰ পৰাই আছে ৷
মাদ্ৰাছাও থাকিব লাগিব, থাকিব লাগিব সংস্কৃত টোলোঃ দীপাংক নাথ - আছুৰ সভাপতি দীপাংক নাথ
মাদ্ৰাছাকলৈ সাংসদ দিলীপ শইকীয়াই কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া আছু সভাপতি দীপাংক নাথৰ ৷ ছিপাঝাৰৰ বঢ়মপুৰৰ এক সভাত ভাগ লৈ এই মন্তব্য আছুৰ সভাপতি গৰাকীৰ ৷
"মাদ্ৰাছাও থাকিব লাগিব সংস্কৃত টোলো থাকিব লাগিব"- দীপাংক নাথ
ছাত্ৰ-ছাত্ৰীয়ে শিক্ষা লাভ কৰা সকলো শিক্ষানুষ্ঠানৰে বিশেষত্ব আছে ৷ যিসকলৰ মাদ্ৰাছাৰ বিষয়ে সাম্যক জ্ঞান নাই তেনে লোকেহে এই কথা কয় । এই মন্তব্য সমূহেৰে ধৰ্মীয় মেৰুকৰণ কৰি ৰাজনীতি কৰিব বিচাৰিছে । ছিপাঝাৰৰ বঢ়মপুৰৰ এক সভাত ভাগ লৈ এই মন্তব্য আছুৰ সভাপতি গৰাকীৰ ৷
লগতে পঢ়ক: গো-মাংসক কেন্দ্ৰ কৰি উত্তপ্ত কলংপাৰ বজাৰ