অসম

assam

By

Published : Mar 1, 2020, 6:23 PM IST

ETV Bharat / state

এম্বুলেঞ্চ আহিবলৈয়ো দ্বিধাবোধ কৰা এটা অঞ্চল

সম্প্ৰতি শোচনীয় হৈ পৰিছে আৰ.কে জৈন নামৰ এগৰাকী ঠিকাদাৰে নিৰ্মাণ কৰা দলগাঁও সমষ্টিৰ অন্তৰ্গত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা নিমতলী হৈ দলগাঁও, কৌপাটিলৈ যোৱা পথটিৰ অৱস্থা ৷

এটা অঞ্চল
এটা অঞ্চল

দলগাঁও, 1 মাৰ্চঃঅতি শোচনীয় হৈ পৰিছে দলগাঁও সমষ্টিৰ অন্তৰ্গত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা নিমতলী হৈ দলগাঁও, কৌপাটিলৈ যোৱা পথটিৰ অৱস্থা ৷ ব্যস্ত পথটিৰ মাজত কেইবা ঠাইতো সৃষ্টি হৈছে দ গাঁতৰ ৷ যাৰ ফলত এখন এম্বুলেঞ্চ আহিবলৈয়ো দ্বিধাবোধ কৰে এই অঞ্চলত ৷ যিয়ে ব্যপক সমস্যাৰ সৃষ্টি কৰিছে অঞ্চলবাসীৰ মাজত ৷ আৰ.কে জৈন নামৰ এগৰাকী ঠিকাদাৰক প্ৰদান কৰা হৈছিল এই পথটি নিৰ্মাণৰ কাম ৷ পূৰ্বেও এইগৰাকী ঠিকাদাৰৰ বিৰুদ্ধে নিম্নমানৰ কামৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে ৷ পথটি নিৰ্মাণৰ পিচতে ভাঙি যোৱাত বিভাগীয় কৰ্তৃপক্ষক ৰাইজে মেৰামতিৰ বাবে আবেদন জনাইছিল যদিও, আজি পৰ্যন্ত কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই অঞ্চলবাসীৰ আবেদনত ৷

এম্বুলেঞ্চ আহিবলৈয়ো দ্বিধাবোধ কৰা এটা অঞ্চল

ABOUT THE AUTHOR

...view details