দৰং, 27 জুন :উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত ৰাজ্যৰ ভিতৰত শীৰ্ষ স্থান দখল কৰিবলৈ সক্ষম হ’ল দৰঙৰ দুই কৃতি শিক্ষাৰ্থী ৷ শীৰ্ষ 10 ৰ ভিতৰত স্থান লাভ কৰি বিকিৰণ নাথ আৰু দিক্ষিতা চহৰীয়াই জিলাখনলৈ কঢ়িয়াই আনিলে গৌৰৱ ৷
দিক্ষিতা চহৰীয়াই কলা শাখাত দখল কৰিলে অষ্টম স্থান ৷ দিক্ষিতা দিপীলাৰ এন আৰ ডি এছ চিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ ছাত্ৰী ৷ তেওঁ সৰ্বমুঠ 475 নম্বৰ লাভ কৰিছে ৷ ভবিষ্যতে এগৰাকী প্ৰশাসনিক বিষয়া হোৱাৰ মন দিক্ষিতাৰ ৷