মঙলদৈ, 7 মাৰ্চঃদৰং ৰাজ্যৰ প্ৰতিষ্ঠাপক ৰজা ধৰ্মনাৰায়নৰ পূৰ্ণ অৱয়বৰ প্ৰতিমূৰ্তি দেওবাৰে ঐতিহাসিক মঙলদৈ চহৰ বৰপুখুৰীৰ পাৰত প্ৰতিষ্ঠা কৰা হয় । উল্লেখযোগ্য যে, ১৬০৬ চনতেই দৰং জিলাৰ হাউলীত ৰাজধানী স্থাপন কৰি দৰঙী ৰাজ্য প্ৰতিষ্ঠা কৰা ৰজা ধৰ্মনাৰায়ণ আছিলে বিশ্বমহাবীৰ চিলাৰায়ৰ নাতি । যুদ্ধ বিগ্ৰহৰ পৰিৰ্ৱতে প্ৰজা হিতকৰ কামত আত্মনিয়োগ কৰা ধৰ্মনাৰায়ণে দৰঙত বৃহৎ বৃহৎ পুখুৰী খন্দাইছিল।
মঙলদৈত স্থাপন হ'ল ৰজা ধৰ্মনাৰায়নৰ পূৰ্ণ অৱয়বৰ প্ৰতিমূৰ্তি - সোঁমাজত বৰপুখুৰীৰ পাৰ
দৰঙৰ মঠ মন্দিৰ নিৰ্মাণৰ লগতে সাহিত্য সংস্কৃতি পৃষ্ঠপোষকতা কৰা ৰজা ধৰ্মনাৰায়ণৰ পূৰ্ণ অৱয়ব প্ৰতিমূৰ্তি মঙ্গলদৈ চহৰৰ সোঁমাজত বৰপুখুৰীৰ পাৰত স্থাপন কৰা হৈছে ।
মঙলদৈত স্থাপন হ'ল ৰজা ধৰ্মনাৰায়নৰ পূৰ্ণ অৱয়বৰ প্ৰতিমূৰ্তি
তাৰোপৰি দৰঙৰ মঠ মন্দিৰ নিৰ্মাণৰ লগতে সাহিত্য সংস্কৃতি পৃষ্ঠপোষকতা কৰা ৰজা ধৰ্মনাৰায়ণৰ পূৰ্ণ অৱয়ব মূৰ্তি মঙ্গলদৈ চহৰৰ সোঁমাজত বৰপুখুৰীৰ পাৰত স্থাপন কৰা হৈছে । প্ৰখ্যাত ভাস্কৰ্য তথা সুকুমাৰ কলা শিল্পী বীৰেণ সিংহই সাজি উলিওৱা ২২ ফুট উচ্চতাৰ পূৰ্ণ অৱয়বৰ প্ৰতিমূৰ্তি উন্মোচন কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, বিশিষ্ট সাংবাদিক কনকসেন ডেকাই।
লগতে পঢ়কঃ কিয় দিল্লীৰ ৰোষত পৰিল শিলাদিত্য...?